মহানুভৱতা! তিনি সন্তানৰ খাদ্যৰ বাবে শিক্ষয়িত্ৰীৰ পৰা ৫০০ টকা বিচাৰি ৫১ লাখ টকা লাভ কৰিলে এগৰাকী দৰিদ্ৰ মহিলাই…

নিউজ ডেস্কঃ স্বামীৰ মৃত্যুৰ পিছত তিনি সন্তানক লৈ এক দুৰ্বিসহ জীৱন পাৰ কৰিবলগীয়া হৈছিল মহিলাগৰাকীয়ে। কেতিয়াবা খাবলৈ ঘৰত এমুঠি চাউলো নথকা পৰিস্থিতিৰ সৃষ্টি হৈছিল তেওঁলোকৰ।

তেনে সময়তে এদিন ল’ৰা-ছোৱালী কেইটাৰ বাবে কিবা অলপ খোৱাৰ ব্যৱস্থা কৰিবলৈ পুত্ৰৰ এগৰাকী শিক্ষয়িত্ৰীৰ ওচৰত হাত পাতিছিল মহিলাগৰাকীয়ে।

সেইদিনা তেওঁ শিক্ষয়িত্ৰীগৰাকীৰ পৰা বিচাৰিছিল ৫০০ টকা।

কিন্তু সেই ৫০০ টকাৰ বিপৰীতে এতিয়া ৫১ লাখ টকা লাভ কৰিবলৈ সক্ষম হ’ল দৰিদ্ৰ মহিলাগৰাকীয়ে।

নাম তেওঁৰ সুভদ্ৰা। ঘৰ কেৰালাত।

জানিব পৰা মতে, যোৱা আগষ্ট মাহত স্বামীক হেৰুৱাইছিল ৪৬ বৰ্ষীয় সুভদ্ৰাই। তাৰ পিছতে দুৰ্বিসহ হৈ পৰে তেওঁৰ জীৱন।

পৰিয়ালৰ উপাৰ্জনকাৰীক হেৰুৱাই এমুঠি ভাতৰ বাবেও ৩ সন্তানক লৈ হাহাকাৰ কৰিবলগীয়া হয় সুভদ্ৰাই।

তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱা মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে পুত্ৰ অভিষেকৰ বিদ্যালয়ৰ গিৰিজা হৰিকুমাৰ নামৰ শিক্ষয়িত্ৰীৰ পৰা খাদ্য কিনিবলৈ ৫০০ টকা বিচাৰিছিল।

সেইদিনা শিক্ষয়িত্ৰীগৰাকীয়ে তেওঁৰ হাতত ১০০০ হাজাৰ টকা তুলি দি তেওঁলোকৰ বাবে কিবা এটা কৰাৰ আশ্বাস দিছিল।

তাৰ পিছতে শিক্ষয়িত্ৰী গিৰিজাই সামাজিক মাধ্যমত সুভদ্ৰা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্দশাখিনি লিখি আৰ্থিক সাহায্য বিচাৰে। লগতে পোষ্টটোৰ সৈতে প্ৰদান কৰে সুভদ্ৰাৰ বেংক একাউণ্ট নম্বৰো।

ইয়াৰ পিছতে মাত্ৰ দুদিনৰ ভিতৰত ৫১ লাখ টকা জমা হয় সুভদ্ৰাৰ বেংক একাউণ্ট।

এতিয়া এই টকাৰে ল’ৰা-ছোৱালীকেইটাক ভাল শিক্ষা প্ৰদান কৰাৰ লগতে স্বামীয়ে জীৱিত কালত আধা সজাকৈ এৰি যোৱা ঘৰটো সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে সুভদ্ৰাই।

শিক্ষয়িত্ৰীৰ পৰা মাত্ৰ ৫০০ টকা বিচাৰি এনেদৰে ক্ৰাউড ফাণ্ডিঙৰ জৰিয়তে ৫১ লাখ টকা লাভ কৰাত নথৈ আনন্দিত হৈ সকলোকে ধন্যবাদ জনাইছে সুভদ্ৰাই।