
নিউজ ডেস্কঃ প্ৰায় ডেৰ বছৰ পূৰ্বে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল জ্যেষ্ঠ পুত্ৰই!
ডাঙৰ পুত্ৰৰ মৃত্যুৰ পিছত তিনি সন্তানক লৈ যন্ত্ৰণাকাতৰ বৈধব্যৰ জীৱন পাৰ কৰিবলগীয়া হৈছিল বোৱাৰী কাজলে।
কিন্তু কাজল ঘৰখনৰ বাবে কেৱল বোৱাৰীয়েই নাছিল, আছিল জীয়াৰীৰ দৰেও। সেয়ে অৱশেষত কনিষ্ঠ পুত্ৰৰ সৈতেই পুনৰ কাজলক বিয়া পাতি দিয়াৰ সিদ্ধান্ত লয় শহুৰ-শাহুৱেকে।
পৰিয়ালৰ এই সিদ্ধান্তৰ পিছত সামাজিক ৰীতি-নীতিৰে শেহতীয়াকৈ সম্পন্ন হৈ যায় কাজল আৰু অনিলৰ বিয়াখন।
এই অনন্য বিবাহখন সম্পন্ন হৈ যায় ওড়িশাৰ কেন্দ্ৰপাৰা জিলাৰ আলী ব্লকৰ অন্তৰ্গত কুমাৰ ৰঙা গাঁৱত।
জানিব পৰা মতে, গাঁওখনৰ নিৱাসী পুৰুষোত্তম ছেঠীৰ জ্যেষ্ঠ পুত্ৰ সুনীল ছেঠীৰ সৈতে সাত বছৰ পূৰ্বে প্ৰেম বিবাহ সম্পন্ন হৈছিল একে গাঁৱৰে কাজল ছেঠীৰ।
সুনীল আৰু কাজলৰ এই বিয়াখনক লৈ সুখী আছিল পৰিয়ালৰ সকলো সদস্য। পৰৱৰ্তী সময়ত তিনিটাকৈ সন্তানৰ পিতৃ-মাতৃও হৈছিল সুনীল আৰু কাজল।
কিন্তু নিয়তিৰ পৰিহাসত প্ৰায় ডেৰ বছৰ পূৰ্বে কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে সুনীল ছেঠীৰ। সেই সময়ত বহিঃৰাজ্যত কৰ্মৰত আছিল পুৰুষোত্তমৰ কনিষ্ঠ পুত্ৰ অনিল ছেঠী।
অনিল গাঁওলৈ উভতি অহাৰ পিছত তেওঁৰ বিয়াৰ বাবে বহু প্ৰস্তাৱ আহিবলৈ ধৰে।
কিন্তু পিতৃ-মাতৃয়ে ঘৰত এগৰাকী বিধৱা বোৱাৰীক ৰাখি অইন এগৰাকীক বোৱাৰী কৰি অনাৰ পৰিৱৰ্তে কাজলকে বিয়া কৰাবৰ বাব অনিলক প্ৰস্তাৱ দিয়ে।
পৰৱৰ্তী সময়ত অনিল আৰু কাজল দুয়োজনেই এই বিয়াখনৰ প্ৰতি সন্মতি প্ৰকাশ কৰাত অৱশেষত সামাজিক ৰীতি-নীতিৰে দুয়োৰে বিয়াখন সম্পন্ন হয়।
নিজৰে বিধৱা নবৌৱেকক পত্নীৰ মৰ্যাদা প্ৰদান কৰি পিতৃহাৰা তিনি সন্তানক পুনৰ পিতৃৰ ছাঁয়া প্ৰদান কৰা অনিলৰ মহানুভৱতা আৰু বিধৱা বোৱাৰীক নতুন জীৱন দিবলৈ পিতৃ-মাতৃয়ে গ্ৰহণ কৰা প্ৰচেষ্টাক এতিয়া শলাগ লৈছে সকলোৱে।