অসম

মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ…

মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।

ভৰলুমুখৰ পৰা গ্রেপ্তাৰ ড্রাগছ সৰবৰাহকাৰী ২যুৱক

গুৱাহাটী মহানগৰীৰ কালীপুৰ আৰু আদিংগিৰিৰত ভৰলু আৰক্ষী আৰু পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ স্পেচিয়েল অপাৰেশ্যন গ্ৰুপ চমুকৈ SOGৰ যৌথ ড্ৰাগছবিৰোধী অভিযানত আটক দুজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই আটক কৰা সৰবৰাহকাৰী দুটা হ’ল জিতু দাস আৰু দীপজ্যোতি কলিতা।

দুয়োৰে পৰা আৰক্ষীয়ে ৪১টাকৈ সন্দেহজনক হেৰ’ইনভৰ্তি কণ্টেইনাৰ আৰু নগদ ২৫ হাজাৰ টকা জব্দ কৰে।

লগতে জব্দ কৰে  AS01Q1120 নম্বৰৰ এখন মটৰ চাইকেলো।

সৰবৰাহকাৰী দুয়োটাৰ বিৰুদ্ধে আৰক্ষীয়ে NDPS আইনৰ অধীনত ৰুজো কৰিছে এক গোচৰ।

Related Articles

Leave a Reply

Back to top button