মহানগৰ আৰক্ষীৰ জালত ৪ ড্ৰাগছ সৰবৰাহকাৰী, ৮ কোটি টকা মূল্যৰ YABA টেবলেট জব্দ…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

পুনৰ মহানগৰ আৰক্ষীৰ জালত চাৰি ড্ৰাগছ সৰবৰাহকাৰী।

লগতে আরক্ষীয়ে জব্দ কৰে ১ লাখ YABA টেবলেট।

মণিপুৰৰ পৰা অহা এখন ডাম্পাৰৰ পৰা জব্দ কৰিছে এই নিষিদ্ধ ড্ৰাগছখিনি।

ডাম্পাৰখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল এই টেবলেট সমূহ।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ নেতৃত্বত চলা অভিযানত জব্দ হয় ড্ৰাগছ খিনি।

ডাম্পাৰ খনৰ পৰা আৰক্ষীয়ে ইছনাউদ্দিন, মঃ আবৈ, ছলিল আহমেদ আৰু আব্বাছ আলী নামৰ চাৰিজনক গ্ৰেপ্তাৰ কৰিছে।য

জব্দকৃত YABA টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ৫ৰ পৰা ৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে।