fbpx
গুৱাহাটী

মহানগৰ আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড তীৰ মাফিয়া জাবেদ আলী…

হাতীগাঁও আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড তীৰ মাফিয়া জাবেদ আলী।

কাহিলিপাৰাৰ দক্ষিনগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জাবেদক।

কাহিলিপাৰাৰ দক্ষিনগাঁওত চলাই আহিছিল কেইবাটাও অবৈধ তীৰৰ কাউণ্টাৰ।

বহু অসমাজিক কাৰ্যত জড়িত আছিল জাবেদ আলী।

পূৰ্বেও জেললৈ গৈছিল তীৰ মাফিয়া জন

মহানগৰ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল জাবেদ আলী।

কিছুদিন পূৰ্বে দক্ষিনগাঁৱাত উচ্ছেদ চলোৱা অবৈধ বজাৰৰ সৈতেও জড়িত আছিল জাবেদ আলী।

বজাৰৰ সৈতে জড়িত ৮ জনক জেললৈ প্ৰেৰণ কৰিছিল যদিও বাকী ৬ জন আছিল পলাতক। তাৰে অন্যতম আছিল জাবেদ।

উচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰি মহানগৰীত তীৰ জুৱাৰ ৰমৰমীয়া মুকলি বেহা চলাই আহিছিল ধৃত জাবেদ আলীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!