fbpx
অসম

মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ জালত অভাৰ গ্ৰাউণ্ড আলফা কেদাৰ টুটু বৰা…

মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ জালত অভাৰ গ্ৰাউণ্ড আলফা কেদাৰ কৰে টুটু বৰা।

গুৱাহাটীত থাকি আলফাৰ ভিতৰুৱা কাম কাজ কৰা টুটু বৰাই।

শুকুৰবাৰে নিশা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে অভাৰ গ্ৰাউণ্ড আলফা কেদাৰ টুটু বৰাক।

দীৰ্ঘদিনে মহানগৰীৰ এটা চিকিউৰিটি এজেঞ্চীত কৰ্মৰত আছিল টুটু বৰা।

মাজুলীৰ গড়মূৰৰ বাসিন্দা টুটু বৰাই মহানগৰীৰ পৰাই চলাই গৈছিল আলফাৰ কাম কাজ।

কিছুদিন পূৰ্ৱে আলফাত যোগদান কৰা গুৱাহাটীৰ নুনমাটিৰ দুই যুৱতীৰেও কিবা সম্পৰ্ক আছে নেকি সেই বিষয়েও আৰক্ষীয়ে তদন্ত কৰিছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ পৰা জানিব পৰা অনুসৰি বিশেষকৈ আলফাৰ অৰ্থ সংগ্ৰহৰ কাম কাজ চোৱা চিতা কৰিছিল টুটুয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৰাহাটতো গ্ৰেপ্তাৰ হৈ এবাৰ জেললৈ গৈছিল টুটু বৰা।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!