মহানগৰীৰ ISBTৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে প্ৰাণ হেৰুৱালে সুধীৰ ৰয়ে…

মহানগৰীৰ ISBTৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় সুধীৰ ৰয় নামৰ এজন বাইক আৰোহী।

AS 07B 4354 নম্বৰৰ পালচাৰ বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে BR 28GA 0421 নম্বৰৰ হাইড্ৰা বাহনৰ তলত।

জালুকবাৰী অভিমুখী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।

খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত সুধীৰ ৰয় নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

যুৱকজনৰ ঘৰ লখিমপুৰৰ বিহপুৰীয়াত বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তীব্ৰ যানজট হয় ৰাষ্ট্ৰীয় ঘাইপথত।

Leave a Comment