গুৱাহাটী

মহানগৰীৰ বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা- এতিয়াৰে পৰা প্ৰখৰ ৰ’দত কৰিব নোৱাৰিব প্ৰাৰ্থনা সভা…

মহানগৰীৰ বিদ্যালয়লৈ কঠোৰ নিৰ্দেশনা শিক্ষা বিভাগৰ।

এতিয়াৰে পৰা প্ৰখৰ ৰ’দত কৰিব নোৱাৰিব প্ৰাৰ্থনা সভা।

ইয়াৰ পৰিৱৰ্তে ৰাতিপুৱাৰ প্ৰাৰ্থনা সভা শ্ৰেণী কোঠাত আয়োজন কৰাৰ নিৰ্দেশ প্ৰদান।

গুৱাহাটীৰ চৰকাৰীৰ লগতে প্ৰতিখন বেচৰকাৰী বিদ্যালয়ে এই নিৰ্দেশনা মানি চলিব লাগিব।

কামৰূপ মেট্ৰ’ জিলাৰ বিদ্যালয় পৰিদৰ্শক প্ৰসন্ন বৰাই জাৰি কৰিছে এই নিৰ্দেশনা।

অৱশ্যে বিশেষ দিনত প্ৰাৰ্থনা সভা মুকলি ঠাইত কৰিব পাৰিব বুলিও নিৰ্দেশনাটোত কোৱা হৈছে।

উল্লেখ্য যে, গুৱাহাটীৰ নিকলছ হায়াৰ ছেকাণ্ডাৰী স্কুলৰ এগৰাকী ১০ বছৰীয়া ছাত্ৰীৰ ৬ আগষ্টত গৰমৰ ফলত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে তৎপৰ হৈছে শিক্ষা বিভাগ।

৪ আগষ্টৰ দিনা প্ৰচণ্ড ৰ’দৰ মাজতে প্ৰায় এঘণ্টা ধৰি চলা শোক প্ৰাৰ্থনাৰ মাজতে ১০ বছৰীয়া ছাত্ৰীগৰাকী ঢলি পৰিছিল। কিন্তু ৬ আগষ্টৰ দিনা ছাত্ৰীগৰাকীৰ জি এম চি এইচ্চত মৃত্যু হয়।

উল্লেখ্য যে গুৱাহাটীত বিগত কিছুদিনৰ পৰা প্ৰচণ্ড গৰম পৰিছে। যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক গৰমৰ পৰা পৰিত্ৰাণ দিবলৈয়ে শিক্ষা বিভাগে এই সিদ্ধান্ত লৈছে।

Related Articles

Back to top button