অসম

মহানগৰীৰ ফ্লেটত চোৰৰ লুটপাত, CCTVত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য…

মহানগৰীত চচলত চাঞ্চল্যকৰ চুৰিকাণ্ড।

মহানগৰী চচলত থকা GREEN ORCHID নামৰ ফ্লেটটোত চুৰিকাণ্ড৷

ফ্লেটটোৰ 4Aৰ আৱাসী ধীৰাজ গোস্বামী নামৰ ব্যক্তিগৰাকী যোৱা ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ ঘৰত নথকাৰ সুযোগতে চোৰে লুটি নিয়ে নগদ ধন, আ–অলংকাৰসহ বহু মুল্যবান সামগ্ৰী৷

১০ ডিচেম্বৰৰ বিয়লি ঘৰ ঘূৰি আহি গোস্বামী দম্পতীয়ে ঘৰৰ সকলো সামগ্ৰী লণ্ডভণ্ড হৈ থকা দেখি নিশ্চিত হয় চুৰিকাণ্ডৰ কথা৷

লগে লগে ফ্লেটটোৰ CCTV কেমেৰা চোৱাত ওলাই পৰে সকলো চুৰিকাণ্ডৰ দৃশ্যাংশ৷

ফ্লেটটোত দুজনকৈ ব্যক্তিগত নিৰাপত্তাৰক্ষী থকাৰ পিছতো কেনেদৰে চুৰিকাণ্ড সংঘটিত কৰিলে তাকলৈ উত্থাপন হৈছে প্ৰশ্নৰ৷

ইতিমধ্য দিছপুৰ আৰক্ষীয়ে দুই নিৰাপত্তাৰক্ষীৰ লগতে চনু বাছফৰ নামৰ এজন যুৱক আৰু ফ্লেটটোত কৰ্মৰত এগৰাকী মহিলাকো সোধা–পোছাৰ বাবে আটক কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button