অসম

মহানগৰীৰ ছাত্ৰীবাৰীৰ ব্যৱসায়ী হত্যাৰ ঘটনা সন্দৰ্ভত তিনিজনক আটক আৰক্ষীৰ…

মহানগৰীৰ ছাত্ৰীবাৰীৰ ব্যৱসায়ী হত্যাৰ ঘটনা সন্দৰ্ভত তিনিজনক আটক আৰক্ষীৰ।

২১ ফেব্ৰুৱাৰীৰ নিশা ঘৰৰ সমুখতে কোনো দুৰ্বৃত্তই গুলীয়াই থৈ গৈছিল ব্যৱসায়ী আদেশ যাদৱক।

বুকুত তিনি জাই গুলী কৰিছিল দুৰ্বৃত্তই। গুলি কৰিয়ে বাইক সেই স্থানতে এৰি পলায়ন কৰিছিল দুৰ্বৃত্ত।

যি ঘটনাৰ পাছতে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ব্যৱসায়ী আদেশ যাদৱক। কিন্তু নিশাই প্ৰাণ ত্যাগ কৰে ব্যৱসায়ীগৰাকীয়ে।

এই হত্যাৰ ঘটনাৰ সন্দৰ্ভত আজি তিনিজন আটক কৰে আৰক্ষীয়ে। খাৰুপেটীয়াৰ পৰা আটক হয় তিনিওগাৰকী।

খাৰুপেটীয়া আৰক্ষীয়ে ঘটনাস্থলীত এৰি থৈ যোৱা বাইকৰ গৰাকী ইছমাইল আলী, আব্বাছ আলী আৰু আকাশ আলী নামৰ তিনিগৰাকীক আটক কৰিছে।

ইতিমধ্যে পল্টনবজাৰ আৰক্ষীৰ এটা বৃহৎ দল ৰাওনা হৈছে খাৰুপেটীয়ালৈ।

সোমবাৰে নিশা প্ৰায় ৮.৩০ বজাত সংঘটিত হৈছিল এই ঘটনা। ঘটনাৰ পিছতেই পলাইছিল বাইকত অহা দুই দুৰ্বৃত্ত।

জব্দকৃত পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS 13D 4033.

Related Articles

Leave a Reply

Back to top button