অসম

মহানগৰীত সক্ৰিয় হানী ট্ৰেপিং চক্ৰ! গাড়ী বিক্ৰীৰ চলনাৰে হানী ট্ৰেপিঙৰ জাল, যুৱতীসহ ৪জনক গ্ৰেপ্তাৰ

গুৱাহাটীত নিতৌ ন ন কৌশলেৰে জাল পেলাইছে হানী ট্ৰেপিং চক্ৰই।

এইবাৰ গাড়ী বিক্ৰীৰ চলনাৰে দুষ্ট চক্ৰই দুষ্কাৰ্য সংঘটিত কৰি ধন সংগ্ৰহত নামি পৰিছে এটা চক্ৰ।

প্ৰথমে যুৱতীয়ে ফোনযোগে যোগাযোগ কৰে গ্ৰাহকক। তাৰ পিছতেই গ্ৰাহকক মাতি আনে গুৱাহাটীলে।

গাড়ী বিক্ৰী চলনাৰে গ্ৰাহকক গুৱাহাটীলৈ মাতি দুষ্ট চক্ৰটোৱে লৈ যায় নিজৰ ৰূমলৈ।

গুৱাহাটীৰ ৰূমলৈ মাতি পানীৰ লগত নিচাযুক্ত দ্ৰব্য মিহলাই উলংগ কৰি ভিডিঅ’ বনাই দুষ্ট চক্ৰটোৱে।

তাৰ পিছতেই দুষ্ট চক্ৰটোৱে গ্ৰাহকৰ পৰিয়ালক বিভিন্ন কথাৰে ব্লেকমেইল আৰম্ভ কৰি ধন দাবী কৰে।

এনে এক ভুক্তভোগী কাষ চাপিল গীতানগৰ আৰক্ষীৰ।

দীপলু ডেকা নামৰ লোকজনে গীতানগৰ থানাত এজাহাৰ দাখিল কৰাৰ পিছতে পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা।

ইপিনে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত শনিবাৰে সন্ধিয়াৰ ভাগত চন্দ্ৰপুৰ এটা অঞ্চলত অভিযান চলাই সোধাপোচাৰ কাৰণে ৪জনক আটক কৰে গীতানগৰ আৰক্ষীয়ে।

ব্লেকমেইলিঙৰ মাষ্টাৰমাইণ্ড মৌচুমী আৰু উদ্দিত ডেকাক কৰায়ত্ত কৰে আৰক্ষীয়ে।

গীতানগৰ আৰক্ষীৰ দলটোৱে মহানগৰ সেন্দূৰ আলীপথত থকা এটা ফ্লেটত উদ্ধাৰ কৰে নগদ ১২ হাজাৰ টকা, ৩টা ম’বাইল, চেকবুক, দুটা সোণৰ আঙুঠি আৰু ব্লেকমেইলিঙত ব্যৱহৃত বহু আপত্তিজনক বস্তু।

Related Articles

Back to top button