মহানগৰীত যুৱ ব্যৱসায়ীক অপহৰণ আৰু হত্যাৰ গোচৰত ৯ বছৰে পলাতক হৈ থকা অভিযুক্ত আলী হুছেইনক গ্ৰেপ্তাৰ…

নিউজ ডেস্কঃ এগৰাকী যুৱ ব্যৱসায়ীৰ অপহৰণ আৰু হত্যা গোচৰত বিগত ৯ বছৰ ধৰি পলাতক হৈ থকা এজন অভিযুক্তক গ্ৰপ্তাৰ কৰিবলৈ সক্ষম হৈছে গীতানগৰ আৰক্ষীয়ে।

ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রদান জিপি সিঙে নিষ্পত্তি নোহোৱাকৈ তকা পুৰণি গোচৰৰ পুনৰ তদন্তৰ নিৰ্দেশ প্ৰদানৰ পিছতে দিছপুৰৰ জনতা ভৱনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আলী হুছেইন নামৰ অভিযুক্তজনক।

উল্লেখ্য যে, ধৃত আলী হুছেইনে আন আন সহযোগীৰ সৈতে ২০১৪ চনতে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাৰ সমীপৰ পৰা অপহৰণ কৰিছিল মহম্মদ শাকলিন মুস্তাফ নামৰ এজন যুৱ ব্যৱসায়ীক।

পৰবৰ্তী সময়ত অপহৰণকাৰী চক্ৰটোৱে ব্যৱসায়ীজনৰ মুক্তিপণ হিচাপে পৰিয়ালক পঞ্চাশ লাখ টকা দাবী কৰে।

কিন্তু দাবী কৰা ধন নাপাই দক্ষিণ শালমাৰাৰ মানকাচৰত অতি নৃশংসভাবে হত্যা কৰা হৈছিল ব্যৱসায়ীজনক।

এই ঘটনাৰ পিচতে ব্যৱসায়ীৰ অপহৰণ আৰু হত্যাৰে জড়িত এটা চক্ৰ আৰক্ষীৰ জালত পৰে যদিও সুদীৰ্ঘ ৯ বছৰে পলাতক হৈ আছিল আলী হুছেইন।

কিন্তু শেহতীয়াকৈ গীতানগৰ আৰক্ষীয়ে ১০১/১৪ নম্বৰ গোচৰটোৰ তদন্ত পুনৰ আৰম্ভ কৰা সময়তে আজি কামৰ সন্ধানত জনতা ভৱনলৈ আহি গ্ৰেপ্তাৰ হয় আলী হুছেইন।

উল্লেখ্য যে ইতিমধ্যেই গীতানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহম্মদ শাকলিন মুস্তাফা হত্যাৰে জড়িত ৬ অভিযুক্তক।

আৰক্ষী সূত্রই প্রকাশ কৰামতে ২০১৪ চনৰ ১ এপ্ৰিলত চক্ৰটোৱে ব্যৱসায়ীজনক অপহৰণ কৰাৰ পিচত ১১ এপ্রিলত অপহৃত মুস্তাফাক হত্যা কৰি চক্ৰটোৱে পৰৱৰ্তী সময়ত হাত-ভৰি বান্ধি ব্ৰহ্মপুত্র নদীত পেলাই দিছিল মৃতদেহ।

ঘটনা সন্দৰ্ভত গীতানগৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।