মহানগৰীত ভয়াৱহ পথ দুৰ্ঘটনা, তীব্ৰবেগী এল্ট’ বাহনে মহটিয়াই নিলে বৃদ্ধ দম্পতীক

নিউজ ডেস্ক। মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী এল্ট’ বাহনে মহটিয়াই নিলে পথচাৰী বৃদ্ধ দম্পতীক।

এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে দীপু হাজৰিকা আৰু মফিদা হাজৰিকা নামৰ বৃদ্ধ দম্পতীহাল।

পথ অতিক্ৰম কৰিবলৈ লওঁতেই খুন্দা মাৰে এখন এল্ট’বাহনে।

photo 2022 09 02 13 08 53
মহানগৰীত ভয়াৱহ পথ দুৰ্ঘটনা, তীব্ৰবেগী এল্ট’ বাহনে মহটিয়াই নিলে বৃদ্ধ দম্পতীক 2

দুৰ্ঘটনাটো সংঘটিত হৈছে গোটানগৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পঞ্চম তাৰকাযুক্ত হোটেলৰ সন্মুখত।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বৃদ্ধ দম্পতীহাল।

আহত দুয়ো পতি-পত্নীক গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰােৱা হৈছে।

দীপু হাজৰিকা আৰু মফিদা হাজৰিকা ধীৰেনপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।