মহানগৰীৰ নুনমাটিৰ চুনচালিত ভয়ংকৰ পথ দুৰ্ঘটনা।
স্কুটি আৰু মালবাহী ট্ৰাকৰ মাজত সংঘটিত হৈছে মুখামুখি সংঘৰ্ষত
দুৰ্ঘটনাত থিতাতে নিহত হৈছে স্কুটি চালক।
আনহাতে গুৰুতৰভাৱে আহত হৈছে স্কুটিখনত থকা আন এজন।
আঘাতপ্ৰাপ্ত যুৱক জনক সংকটজনক অৱস্থাত জিএমচিএইলৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, দুজন যুৱকে AS-01-EN-4391 নম্বৰৰ এখন স্কুটিৰে চুনচালি অভিমুখে গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই এখন AS-01 LC 7195 নম্বৰৰ 407 ট্ৰাকখনত খুন্দা মাৰে।
যাৰফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত নুনমাটি আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আঘাতপ্ৰাপ্ত আনজন যুৱক জনক হাস্পতাললৈ প্ৰেৰণ কৰে।