fbpx
অসম

মহানগৰীত ভয়ংকৰ ঘটনা! পৰকীয় প্ৰেমৰ বাবে শাহু-স্বামীক হত্যা কৰি টুকুৰা-টকুৰকৈ কাটি ফ্ৰীজত ভৰাই থলে বোৱাৰীয়ে…

পৰকীয়া প্ৰেমৰ বাবে নৃশংস হত্যাকাণ্ড!

স্বামী আৰু শাহুক টুকুৰা-টুকুৰকৈ কাটি ফ্ৰীজত ভৰাই থলে বোৱাৰীয়ে।

৩দিন ফ্ৰীজত ৰাখি মৃতদেহৰ টুকুৰা পেলাই দিলে মেঘালয়ৰ ডাউকীত।

প্ৰায় ছমাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা।

অভিযোগ অনুসৰি, পৰকীয়া প্ৰেম আৰু ধনৰ লালসাতে বোৱাৰী বন্দনা কলিতাই এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছিল।

পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুৰ সৈতে মিলি স্বামী আৰু শাহুৱেকক নৃশংসভাৱে হত্যা কৰিছিল মহিলাগৰাকীয়ে।

২০২২ চনৰ আগষ্ট মাহত মাতৃ–পুত্ৰ নিৰুদ্দেশ হোৱা বুলি নুনমাটি থানাত মহিলাগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ।

তাৰ পিছতে তদন্তত নামি পৰিছিল আৰক্ষী। কিন্তু এই ঘটনাৰ কোনো ক্লু পোৱা নাছিল।

কিন্তু কিছুদিন পূৰ্বে মহিলাগৰাকীয়ে পুনৰ এখন এজাহাৰ দাখিল কৰে শাহুৱেকৰ একাউণ্টৰ পৰা কোনো লোকে ধন উলিওৱা বুলি।

কিন্তু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিল যে এজাহাৰকাৰী বন্দনা কলিতাইহে একাউণ্টৰ পৰা উলিয়াইছিল ধন। লগে লগে আৰক্ষীয়ে বন্দনা কলিতাক আটক কৰি জেৰা আৰম্ভ কৰে। সেই জেৰাত পোহৰলৈ আহে এই চাঞ্চল্যকৰ ঘটনা।

বন্দনাৰ লগতে হত্যাকাণ্ডত সহযোগ কৰা পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকৰ বন্ধুজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

হত্যাৰ বলি হোৱা বন্দনাৰ স্বামীৰ নাম অমৰজ্যোতি দে’ আৰু শাহুৰ নাম শংকৰী দে’।

অভিযোগ মতে, দুয়োকে হত্যা কৰি বন্দনাই টুকুৰা–টুকুৰ কৰি কাটিছিল মৃতদেহ।

Related Articles

Back to top button