মহানগৰীত বাঢ়িছে অপৰাধ! নিয়ন্ত্ৰণৰ বাবে নতুন আইন আনিব চৰকাৰে…

নিউজ ডেস্কঃ মহানগৰীত বৃদ্ধি পাইছে অপৰাধৰ ঘটনা।

খোদ মুখ্যমন্ত্ৰীয়ে এই কথা স্বীকাৰ কৰি কয় যে যোৱা ডিচেম্বৰ মাহত মহানগৰীত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে।

গুৱাহাটী মহানগৰীৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে বিধানসভাত এখন আইন গৃহীত কৰা হ’ব বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে কয় যে অপৰাধ নিয়ন্ত্ৰণৰ বাবে মহানগৰীত ৫ জনকৈ অধিক কৰ্মচাৰী থকা ব্যৱসায়িক প্ৰতিষ্ঠানে চৰকাৰৰ বিধি পালন কৰি লগাব লাগিব CCTV কেমেৰা।

পথৰ ফালে মুখ কৰি ব্যৱসায়িক প্ৰতিষ্ঠানে নিজৰ খৰছত এই CCTV কেমেৰা লগাব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

তেওঁ লগতে এয়াও কয় যে প্ৰতিষ্ঠানসমূহে লগোৱা চিচিটিভি কেমেৰা চৰকাৰৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।

মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদৰ উদাহৰণ দাঙি ধৰি কয় যে হায়দৰাবাদত চৰকাৰে ৪ হাজাৰ কেমেৰা লগাইছে, কিন্তু জনতাই সহযোগিতা আগবঢ়াই নিজৰ খৰছত লগাইছে ৩ লাখ ৯৬ হাজাৰ চিচিটিভি কেমেৰা।

অহা ডেচেম্বৰ মাহলৈ মহানগৰীত ১ লাখ চিচিটিভি কেমেৰা লগোৱাৰ লক্ষ্যৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰী শৰ্মাই।