মহানগৰীত পুনৰ কৰ’নাৰ সংক্ৰমণ! ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ল মহানগৰীৰ এখন বিদ্যালয়…

মহানগৰীত পুনৰ কৰ’নাৰ ভয়ংকৰ সংক্ৰমণ।

কৰ’নাৰ কবলত পৰিছে মহানগৰীৰ শিক্ষানুষ্ঠান।

মহানগৰীৰ আগশাৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখন নেচনেল পাব্লিক স্কুলত কৰ’নাৰ সংক্ৰমণ।

শিক্ষানুষ্ঠানখনৰ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।

দেওবাৰে ১০ জন আৰু সোমবাৰে ৬ জন ছাত্ৰ-ছাত্ৰীৰ দেহত ধৰা পৰিছে কভিডৰ অৱস্থিতি।

যাৰ পৰিপেক্ষিতত ইতিমধ্যে মাইক্ৰ’কণ্টেইমেণ্ট জ’ন ঘোষণা কৰি ৭ দিনৰ বাবে বন্ধ কৰি দিয়া হ’ল শিক্ষানুষ্ঠানখন।

প্ৰশাসনৰ ফালৰ পৰা ৭ দিনৰ বাবে মাইক্ৰ’ কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ইতিমধ্যে বিদ্যালয়ৰ খনৰ হোষ্টেলত থকা ছাত্ৰ ছাত্ৰী সকল উভটিছে নিজ নিজ ঘৰলৈ।

বৰ্তমানেও বহু কেইগৰাকী শিক্ষাৰ্থীৰ ক’ভিড টেষ্ট কৰিবলৈ বাকী থকা বাবে সুৰক্ষাজনিত কাৰণত মাইক্ৰ’ কণ্টেইমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

Leave a Comment