অসম
মহানগৰীত নিশা ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা ট্ৰাকৰ, গুৰুতৰভাৱে আহত চালক-হেণ্ডিমেন…

নিশা মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত প্ৰচণ্ড খুন্দা তীব্ৰবেগী ট্ৰাকৰ।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ট্ৰাকখনৰ চালক-হেণ্ডিমেন।
আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখী আছিল ট্ৰাকখন।
কেইবা ঘণ্টা ধৰি ট্ৰাকৰ ভিতৰতে আবদ্ধ হৈ আছিল চালক-হেণ্ডিমেন।
জালুকবাৰী যান-বাহন আৰক্ষী, ৰাইজৰ প্ৰচেষ্টাত উদ্ধাৰ চালক-হেণ্ডিমেনক।
সংকটজনক অৱস্থাত নিশাই চিকিৎসালয়ত ভৰ্তি দুয়োকে।
দুৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS17C0293।