fbpx
অসমঅসমীয়া

মহানগৰীত ধ্বংস ৮.৭৪ কোটি টকা মূল্যৰ গাঞ্জা-নিচাজাতীয় সামগ্রী

নিউজ ডেস্ক। মাদক দ্ৰব্যৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্যৰ লগতে কেন্দ্ৰীয় সংস্থাসমূহৰ অভিযান।

এইবাৰ কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক বিভাগৰ উদ্যোগত গুৱাহাটী মহানগৰীত জ্বলাই ধ্বংস কৰা হ’ল প্ৰায় ৮.৭৪ কােটি টকা মূল্যৰ মাদক দ্ৰব্য।

উল্লেখ্য যে বুধবাৰে ‘আজাদী কা অমৃত মহােৎসৱ’ৰ লগত সংগতি ৰাখি দেশজুৰি ‘মাদক দ্রব্য ধ্বংস দিৱস’ পালন কৰা হয়।

এই মাদক দ্রব্য ধ্বংস দিৱসত গুৱাহাটী মহানগৰীৰ লখৰাৰ সাউকুছিৰ শুল্ক বিভাগে ৭,৪৭২.৩৫ কিলাে গাঞ্জা আৰু নিচাজাতীয় সামগ্রী জ্বলাই দিয়ে।

08 06 22 Guwahati Customs destroy around 7500 kilos of seized ganja 11
UB Photos

উল্লেখ্য যে গুৱাহাটীকে ধৰি দেশৰ ভিন্ন প্ৰান্তত মুঠ ৪২,০০০ কেজি নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয়।

জানিব পৰা মতে, গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ২০০৯ ৰ পৰা চলিত বৰ্ষৰ মে’ মাহলৈ উক্ত নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰা হৈছিল।

08 06 22 Guwahati Customs destroy around 7500 kilos of seized ganja 14
UB Photos

এই অভিযানৰ কাৰ্যসূচী কেন্দ্রীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ভার্চুৱেলী প্রত্যক্ষ কৰে।

বিত্তমন্ত্ৰীগৰাকীয়ে ড্রাগ্‌ছবিৰোধী সজাগতা আৰু নিচাজাতীয় সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ বাবে বিভাগীয় বিষয়া-কৰ্মচাৰীক সম্বোধন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!