মহানগৰীত দেমকেয়াৰ চোৰ! সদাব্যস্ত গণেশগুৰিৰ পৰা চোৰে লৈ গ’ল স্বয়ং আৰক্ষীৰে বুলেট…

মহানগৰীত অব্যাহত আছে বাইক চোৰৰ সন্ত্ৰাস।

এইবাৰ স্বয়ং আৰক্ষীৰ বাহন চুৰি কৰি উধাও হ’ল চোৰ।

জানিব পৰা মতে, শুক্ৰবাৰে সন্ধিয়া AS01EH 7262 নম্বৰৰ নিজৰ বুলেটখন গণেশগুৰিৰ উৰণীয়া সেঁতুৰ তলৰ পাৰ্কিঙত ৰাখাই থৈ ওচৰতে বজাৰ কৰি আছিল অসম আৰক্ষীৰ বিশেষ শাখাৰ কণিষ্টবল দিপাংকৰ কলিতাই।

কিন্তু বজাৰ কৰি আধা ঘণ্টাৰ ভিতৰত ওভতি আহি দেখে যে, যথা স্থানত নাই বুলেটখন।

ওচৰে-পাজৰে ভালেমান সময় ধৰি বিচাৰ-খোচাৰ কৰি নোপোৱাত বুলেটখন চুৰি হোৱা বুলি নিশ্চিত হয় দিপাংকৰ কলিতা।

পাছত ঘটনা সন্দৰ্ভত তেওঁ অৱগত কৰে দিছপুৰ থানাক।

এই পৰ্যন্ত বুলেটখনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে।