মহানগৰীত চাঞ্চল্য! ৰহস্যজনকভাৱে উদ্ধাৰ দিপাংকৰ শইকীয়াৰ অৰ্ধ গলিত মৃতদেহ

গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

ৰহস্যজনকভাৱে উদ্ধাৰ লখিমপুৰৰ এজন যুৱকৰ অৰ্ধ গলিত মৃতদেহ।

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ সাৰথি পথত সংঘটিত হৈছে এই ঘটনা।

দীৰ্ঘদিনৰে পৰা গুৱাহাটী মহানগৰীত বাস কৰি আছিল লখিমপুৰৰ যুৱক দিপাংকৰ শইকীয়াই(২৮)।

কোঠাৰ ভিতৰত অৰ্ধহলিত অৱস্থাত উদ্ধাৰ হয় দিপাংকৰৰ মৃতদেহ।

ঘটনাৰ বিষয়ে খবৰ লাভৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

প্ৰাথমিক তদন্তত এইয়া এখ আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ খ্ৰীষ্টিয়ানবষ্টিৰ VLCC পাৰ্লাৰত কাম কৰি আছিল দিপাংকৰে।