মহানগৰীত চাঞ্চল্য! ক্ৰাইম ব্ৰান্সৰ বিষয়া বুলি পৰিচয় দি দিনৰ পোহৰতে দুৰ্বৃত্তই পান দোকানৰ পৰা লুটি লৈ গ’ল নগদ ৫০ হাজাৰ টকা…

মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

ভুৱা ক্ৰাইম ব্ৰান্সৰ বিষয়াই পান দোকানৰ পৰা লুটি লৈ গ’ল ৫০ হাজাৰ টকা।

মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এই ঘটনা।

নিজকে ক্ৰাইম ব্ৰান্সৰ বিষয়া বুলি পৰিচয় দি ৫ জনীয়া এটা আহিছিল জুৰোডৰ ইনটাজ পান শ্বপ নামৰ পান দোকানখনলৈ।

দুজন যুৱকে প্ৰৱেশ কৰিছিল দোকানৰ ভিতৰত, ৩ জন ৰৈ আছিল বাহিৰত।

দোকানখনত ড্ৰাগছ বিক্ৰী কৰা হয় বুলি প্ৰথমে ভুৱা তালাচী চলায় ভুৱা ক্ৰাইম ব্ৰান্সৰ দলটোৱে।

pan shop
মহানগৰীত চাঞ্চল্য! ক্ৰাইম ব্ৰান্সৰ বিষয়া বুলি পৰিচয় দি দিনৰ পোহৰতে দুৰ্বৃত্তই পান দোকানৰ পৰা লুটি লৈ গ’ল নগদ ৫০ হাজাৰ টকা… 2

তাৰ পিছতে দোকানখনৰ স্বত্বাধিকাৰীৰ পৰা লুটি লৈ যায় নগদ ৫০ হাজাৰ টকা।

ইতিমধ্যে গীতানগৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

কিন্তু এতিয়াও দুৰ্বৃত্তৰ দলটোৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

দিনৰ পোহৰতে জুৰোডৰ দৰে এটা ব্যস্ত অঞ্চলত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।