নিশা মহানগৰীৰ ওদালবাক্ৰাত চাঞ্চল্যকৰ হত্যাকাণ্ড।
টেম্প’ চালক আৰু ই-ৰিক্সা চালকৰ মাজৰ সংঘাতৰ ভয়ংকৰ পৰিণতি।
থিতাতে নিহত ই-ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিন।
আৰক্ষীয়ে নিশাই গ্ৰেপ্তাৰ কৰে টেম্প’ চালক নৱ ৰয়ক।
জানিব পৰা মতে, প্ৰথমে টেম্প’ আৰু ই ৰিক্সাৰ সংঘৰ্ষক লৈ দুই চালকৰ মাজত বাক-বিতণ্ডা হয়।
বাক-বিতণ্ডাই পৰৱৰ্তী পৰ্যায়ত হতাহতিৰ ৰূপ লয়। টেম্প’ চালক নৱ ৰয়ে ই ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিনক এটা শিলেৰে আক্ৰমণ কৰে।
আক্ৰমণৰ ফলত ই ৰিক্সা চালক মহম্মদ ৰহিজুদ্দিন থিতাতে নিহত হয়।