fbpx
গুৱাহাটী

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড, এমট্ৰনৰ একাউটেণ্ট অজিত চেতিয়াক গুলীয়াই হত্যা…

মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড।

ঘৰৰ ভিতৰতে এগৰাকী লোকক হত্যা কৰি থৈ যায় অচিনাক্ত দুৰ্বৃত্তৰ।

মহানগৰীৰ বৰাগাঁৱৰ হৰেশ্বৰ বসুমতাৰী পথত সংঘটিত হৈছে এই হত্যাকাণ্ড।

গুৱাহাটীৰ বৰাগাঁৱৰ ঘৰৰ ড্ৰয়িং ৰুমত অজিত চেতিয়া নমৰ এজনক হত্যা দুৰ্বৃত্তৰ।

মৃত লোকজন এমট্ৰনৰ একাউটেণ্ট অজিত চেতিয়া বুলি চিনাক্ত কৰে মহানগৰ আৰক্ষীয়ে।

মহানগৰ আৰক্ষীয়ে প্ৰাথমিক অনুসন্ধানত এয়া ডকাইতি কাণ্ড বুলি সন্দেহ কৰিছে ৷

দুৰ্বৃত্তই মুৰত গুলীয়াই হত্যাৰ সন্দেহ আৰক্ষীৰ। লগতে ডিঙিতো আছে চোকা অস্ত্ৰৰ আঘাটৰ চিন।

দু্ৰ্বৃত্তই ঘৰৰ সামগ্ৰী লুটি নিয়াৰ সন্দেহ আৰক্ষীৰ দলৰ৷

ঘটনাস্থলিত উপস্থিত গুৱাহাটীৰ চি আই ডিৰ দল আৰু ফৰেনচিকৰ দল৷

আৰক্ষীয়ে অজিত চেতিয়াৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!