মহানগৰীত চাঞ্চল্যকৰ শিশু অপহৰণৰ ঘটনা, পদূলিত খেলি থাকোতেই সন্ধানহীন ৪ বছৰীয়া শিশু…

মহানগৰীত পুনৰ চাঞ্চল্যকৰ শিশু অপহৰণৰ ঘটনা।

মালিগাঁৱ আদৰ্শ কলনীৰ পৰা খেলি থাকোতে অপহৰণ এটি ৪ বছৰীয়া শিশুক।

কাপোৰ বিক্ৰী কৰিব অহা এজন লোকৰ ওপৰত সন্দেহ পৰিয়ালৰ।

গুৱাহাটীৰ মালিগাঁৱৰ আদর্শ কলনিৰ ৰাকেশ মাহাতো আৰু আছিভা খাতুন নামৰ দম্পতীৰ চাৰি বছৰীয়া কন্যা শিশুটিক ঘৰৰ পদুলিৰ পৰা অপহৰণ কৰিছে অচিনাক্ত ব্যক্তিয়ে।

চাৰি বছৰীয়া কন্যা শিশুটিয়ে পদূলিত খেলি থকা সময়তে অচিনাক্ত লোকে অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে।

শিশুটিৰ মাতৃয়ে প্রকাশ কৰা মতে তেওঁ সেই সময়ত কাপোৰ ধুই আছিল। কাপোৰ মেলি হাতত ছুৱেটাৰ লৈ ওলাই আহোতে তেওঁ নিজৰ কন্যা সন্তানটিক পদূলিত নেদেখি ওচৰ-চুবুৰীয়াক সোধা-পোছা কৰে।

কিন্তু কোনেও শিশুটিৰ সন্ধান উলিয়াব নোৱৰাত হাহাকাৰ লাগে।

সেই সময়ত উক্ত এলেকাটোত কাপোৰ বিক্ৰী কৰা লোক এজনে বিচৰণ কৰিছিল। সেই লোকজনৰ হাতত এখন ডাঙৰ মোনা আছিল বুলিও স্থানীয় লোকে জনাইছে।

সেই হিচাপে কাপোৰ বিক্ৰেতাৰ ভেশত আহি শিশুটিক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে।

ঘটনা সন্দৰ্ভত শিশুটিৰ অভিভাৱকে গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

শিশু অপহৰণৰ এই ঘটনাই ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।