অসম

মহানগৰীত চাঞ্চল্যকৰ ঘটনা! পথৰ মাজত টানি থোৱা ৰছীত লাগি কলেজীয়া ছাত্ৰৰ মৃত্যু…

মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

ফাঁচীবজাৰত পথৰ মাজত টানি থোৱা ৰছীত লাগি মৃত্যু এজনৰ।

প্ৰশাসনক নজনোৱাকৈ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰছী।

সেই পথেৰে আহি থকা বাইক আৰোহীৰ ডিঙিত লাগি যায় ৰছীডাল।

যাৰ ফলত মৃত্যু হয় বাইক আৰোহীজনৰ।

মৃত্যুমুখত পৰা যুৱকজনৰ নাম অজিত ঝা বুলি জানিব পৰা গৈছে।

অজিত ঝাৰ ঘৰ ধীৰেনপাৰাত। 

অজিত ঝা প্ৰাগজ্যোতিষ কলেজৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰৰ বুলি জানিব পৰা গৈছে।

চট পূজাৰ প্ৰস্তুতিৰ বাবে ঘাটলৈ বন্ধুৰ সৈতে আহিছিল যুৱকজন।

পুৱা ৬.৩০ বজাতে এই ঘটনা সংঘটিত হয়।  

ইপিনে লগত অহা বিকাশ নামৰ আন এজন যুৱকো গুৰতৰভাবে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button