মহানগৰীত চাঞ্চল্যকৰ ঘটনা! গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ পশু চিকিৎসক তথা ব্যৱসায়ীক, মৃত্যু…

মহানগৰীত চাঞ্চল্যকৰ ঘটনা।

গাড়ীৰ চাবিৰে ডিঙিত আক্ৰমণ এজন পশু চিকিৎসক তথা ব্যৱসায়ীক।

যাৰ ফলত মৃত্যু হয় চিকিৎসক তথা ব্যৱসায়ী খঞ্জিত মেধি নামৰ লোক এজনৰ।

মহানগৰীৰ বৰবাৰীত নিশা সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

প্ৰতীক্ষা হাস্পতালৰ সমীপৰ 77 নামৰ ৰেষ্টুৰেণ্টখনত সংঘটিত এই কাণ্ড।

হত্যাকাণ্ডৰে জড়িত থকাৰ অভিযোগত ইতিমধ্যেই নিশাই আৰক্ষীয়ে আটক কৰিছে সুভাষ বসুমতাৰী নামৰ এজনক।

জানিব পৰা মতে, নিশা ৰেষ্টুৰেণ্টৰ মালিক আৰু এজন বন্ধুৰ সৈতে বহি আছিল খঞ্জিত মেধি।

অভিযুক্ত সুভাষ বসুমতাৰীৰ মাতৃয়ে খঞ্জিতৰ পৰা পাবলৈ আছিল ৪ হাজাৰ টকা। টকা বিচৰাৰ সময়তে সুভাষৰ সৈতে বাক-বিতণ্ডা হৈছিল মালিকৰ। বাক-বিতণ্ডাত বাধা দিওঁতেই সুভাষে খঞ্জিতক হত্যা কৰা বুলি প্ৰকাশ কৰে। একাংশ লোকৰ মতে সুভাষ নিচাসক্ত অৱস্থাত আছিল।

সুৰাপান কৰোৱাই খঞ্জিতক ৰেষ্টুৰেণ্টখনত পৰিকল্পিতভাৱে হত্যা কৰাৰো অভিযোগ কৰিছে একাংশই।

ইপিনে আহত খঞ্জিতক ততাতৈয়াকৈ GNRCত লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰিছে।

সুভাষ বসুমতাৰীক আটক কৰি তদন্ত আৰম্ভ দিছপুৰ আৰক্ষীৰ।