অসম

মহানগৰীত কিশোৰী অপহৰণৰ ব্যৰ্থ চেষ্টা, ৭ লাখ টকা দাবী কৰি আৰক্ষীৰ জালত ঘৰুৱা চালক…

গুৱাহাটী মহানগৰীত কিশোৰী অপহৰণৰ ঘটনা।

অপহৰণ কৰি পৰিয়ালক ৭ লাখ টকা দাবী ঘৰুৱা চালকৰ।

টিউচনলৈ নিয়াৰ পথত ১০ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি মুক্তিপণৰ বাবে পৰিয়ালক ৭ লাখ টকা দাবী কৰিছিল ঘৰুৱা চালক নৰ হৰি বৰ্মনে।

লগে লগে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে।

আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই যোৰাবাটৰ গণেশ মন্দিৰৰ সমীপৰ পৰা কিশোৰীগৰাকীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

লগতে আটক কৰে অপহৰণকাৰী চালক বৰপেটাৰ নৰ হৰি বৰ্মনক।

Related Articles

Back to top button