মহানগৰীত এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া…

এইবাৰ ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী।

ড্ৰাগছ মাফিয়া কুৰবান আলীলৈ আৰক্ষীৰ গুলী।

কুৰবান আলীৰ আক্ৰমণত আহত আৰক্ষী জোৱান অচিত বড়ো।

আৰক্ষীক জিম্মাৰ পৰা অস্ত্ৰ কাঢ়ি পলাবলৈ চেষ্টা কৰাৰ সময়তে কুৰবান আলীলৈ আৰক্ষীয়ে গুলী কৰে।

দ্বীপৰ বিলৰ কাষৰ মাটিয়াত আন ড্ৰাগছ মাফিয়াৰ ঘৰ দেখুৱাবলৈ নিয়া হৈছিল ধৃত কুৰবানক।

ড্ৰাগছ সৰবৰাহৰ অপৰাধত কুৰবানক শুক্ৰবাৰে আটক কৰিছিল আৰক্ষীয়ে।

মহানগৰীৰ মাছখোৱাৰ পৰা ড্ৰাগছসহ আটক কৰা হৈছিল কুৰবানক।

আঘাতপ্ৰাপ্ত কুৰবান আলী আৰু আৰক্ষী জোৱানজনক প্ৰথমে ভৰ্তি কৰোৱা হয় আজৰা গ্ৰাম্য চিকিৎসালয়ত।

পৰৱৰ্তী সময়ত কুৰ্বান আলীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

Leave a Comment