গুৱাহাটী

মহানগৰীত উদ্বেগজনকভাৱে বৃ্দ্ধি আত্মহত্যাৰ ঘটনা! সহায়ৰ বাবে হেল্পলাইন নম্বৰ মুকলি আৰক্ষীৰ…

মহানগৰীত উদ্বেগজনকভাৱে বৃ্দ্ধি আত্মহত্যাৰ ঘটনা।

ভয়াৱহভাৱে বৃদ্ধি পোৱা আত্মহননৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে মহানগৰ আৰক্ষীক।

শনিবাৰে মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তই এক সংবাদমেলযোগে এনে ঘটনাক লৈ চিন্তিত বুলি অৱগত কৰে।

মহানগৰ আৰক্ষীৰ তথ্য অনুসৰি, বিগত দহটা বছৰৰ পৰিসংখ্যাৰ তুলনাত এই বছৰৰ ছটা মাহতে অতি ভয়ংকৰ হাৰত বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ৷

সেই পৰিসংখ্যা অনুসৰি ২০১৩ বৰ্ষত ২২২ টা, ২০১৪ বৰ্ষত ২২০ টা, ২০১৫ বৰ্ষত ২৪১ টা, ২০১৬ বৰ্ষত ২২৭ টা, ২০১৭ বৰ্ষত ২৮৯ টা, ২০১৮ বৰ্ষত ২৮৭টা, ২০১৯ বৰ্ষত ২৫৪ টা, ২০২০ বৰ্ষত ২৭৭টা, ২০২১ বৰ্ষত ৪১৪ টা আত্মহত্যাৰ ঘটনা গুৱাহাটীত সংঘটিত হোৱাৰ উপৰি ২০২১ বৰ্ষত সমগ্ৰ ৰাজ্যত ২৩৯১ টা এনে ঘটনা ঘটিছে ৷

কিন্তু অতি উদ্বেগজনকভাৱে চলিত বৰ্ষত জুলাই মাহলৈকে ৫০০তকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে মহানগৰীত।

এনেধৰণৰ আত্মহননৰ ঘটনা ৰোধ কৰাৰ বাবে শনিবাৰে অসম আৰক্ষীয়ে মুকলি কৰিলে দুটাকৈ হেল্পলাইন নম্বৰ।

নম্বৰ দুটা ক্ৰমে ৬০২৬৯০০৫৭৪ আৰু ৬০২৬৯০০৫৫২

কোনো সমস্যা অথবা আনৰ সহায় নোপোৱা যিকোনো লোকে এই নম্বৰত যোগাযোগ কৰি সমাধানৰ পথ উলিয়াব পাৰিব বুলি মন্তব্য কৰে যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্ত।

লগতে সহায় বিচৰা লোকসকলৰ পৰিচয় গোপনে ৰাখি পাৰ্যমানে সহায় কৰিব বুলি আশ্বাস দিয়ে মহানগৰ আৰক্ষীয়ে ৷

Related Articles

Back to top button