মহানগৰীত আটক চাকৰিৰ দালাল, দিছপুৰ আৰক্ষীৰ জালত ৭ জন…

চাকৰিৰ দালালৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ বৃহৎ অভিযান

চাকৰিৰ নামত দালালি কৰা ৭জনক গ্ৰেপ্তাৰ দিছপুৰ আৰক্ষীৰ।

জলসম্পদ বিভাগৰ চাকৰিৰ তালিকা প্ৰস্তুত কৰি থকাৰ সময়তে পৰিল দিছপুৰ আৰক্ষীৰ জালত।

ধৃত দালালকেইটা ক্ৰমে কাহিলিপাৰাৰ নয়ন শইকীয়া, বশিষ্ঠৰ জয়ন্ত ডেকা, মঙলদৈৰ চিৰাজুল হক, গোৱালপাৰাৰ জয়ন্ত দাস, নলবাৰীৰ গোবিন্দ চৌধুৰী, প্ৰাঞ্জল বৰ্মন আৰু নুৰ ইছলাম আহমেদ।

দেওবাৰে নিশা বৰবাৰীৰ জিডি ল’জত দিশপুৰ আৰক্ষীয়ে অভিযান কৰি গ্ৰেপ্তাৰ কৰিছে দালাল কেইটাক।

ধৃত চাকৰিৰ দালাল কেইটাৰ পৰা এটা লেপটপৰ লগতে বিভিন্ন কাগজ-পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, ২০২০ বৰ্ষতে অনুষ্ঠিত হৈছিল জনসম্পদৰ নিযুক্তি পৰীক্ষা।

কিন্তু আজিলৈ ঘোষণা কৰা নহ’ল ৬৪৩ টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষীৰ ফলাফল।