বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ ৰাজপথত গৰজি উঠিল সদৌ অসম ছাত্ৰ সন্থা।
বৃহস্পতিবাৰে কেইবাটাও দাবীৰে মহানগৰীৰ ৰাজপথ কঁপালে সদৌ অসম ছাত্ৰ সন্থাই।
শেহতীয়াভাৱে ৰাজ্যত সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বস্বান্ত কৰিছে ৰাজব্যসীক।
ঘৰ দুৱাৰ হেৰুৱাই দিশহাৰা হৈছে ৰাজ্যৰ লাখ লাখ জনতা।

ইয়াৰ মাজতে অসমৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্থায়ী সমাধান, অসমৰ বন্যাৰ্তৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পেকেজ প্ৰদান আৰু বন্যাৰ্তক পৰ্যাপ্ত সাহায্য প্ৰদান তথা পুনৰ সংস্থাপনৰ দাবীত গুৱাহাটী মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।
ডাবল ইঞ্জিন বিজেপি চৰকাৰে অসমৰ দুৰ্যোগৰ কালত থকা মৌনতাক সমালোচনা কৰি বান গৰাখহনীয়া মথাউৰী তৎকালে নিৰ্মাণৰ দাবী জনায় আছু নেতৃত্বই।

অসমৰ সম্পদৰ ওপৰত চকু ৰখা কেন্দ্ৰৰ চকু মাথোন সম্পদে নেকি বুলি প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ।
অসমৰ বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰি অসমৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে বানৰ সুকীয়া পেকেজ ঘোষণাৰ দাবী ছাত্ৰ সংগঠনটোৰ ৷ অন্যথা কোনো কাৰণত ৰেহাই দিয়া নহ’ব বুলি দাবী ছাত্ৰ সন্থাৰ ৷
উল্লেখ্য যে প্ৰতিবাদস্থলীৰ পৰা সংগঠনটোয়ে উপাযুক্ত আৰু আৰক্ষী আযুক্তৰ জড়িয়তে একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।