মহানগৰীত আৰএছএছৰ ৯৭ সংখ্যক বৰ্ষপূতি উপলক্ষে ‘শংখনিনাদ’ সম্পন্ন

নিউজ ডেস্ক। দেওবাৰে ৯৭ বছৰ সম্পূৰ্ণ কৰিলে দেশৰ হিন্দুত্ববাহী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই।

১৯২৫ চনত জন্মলাভ কৰা আৰএছএছৰ ৯৭তম বৰ্ষপূতি উপলক্ষে গুৱাহাটীৰ চানমাৰিস্থিত অভিযান্ত্ৰিক খেলপথাৰত দেওবাৰে বিয়লি ‘শংখনিনাদ’ নামেৰে এখন প্ৰদৰ্শনীমূলক কাৰ্যসূচী অনুষ্ঠিত হয়।

G4 1
মহানগৰীত আৰএছএছৰ ৯৭ সংখ্যক বৰ্ষপূতি উপলক্ষে 'শংখনিনাদ’ সম্পন্ন 4

আৰএছএছৰ গুৱাহাটী মহানগৰ শাখাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত কেইবাগৰাকীও আৰআএছএছৰ স্বয়ং সেৱকে প্ৰতিদিনে কৰা কিছু শাৰীৰিক কার্যক্রম, পদ বিন্যাস, দণ্ডৰ প্ৰয়োগ, দণ্ড যুদ্ধ বাদন আদি প্ৰদৰ্শন কৰি শৃংখলাবদ্বতা নিয়মানুবর্তীতাৰ পৰিচয় দাঙি ধৰে।

সংঘৰ মহানগৰ শাখা পৰিচালক গুৰুপ্ৰসাদ মেধিয়ে আদৰণি ভাষণত আৰএছএছৰ প্ৰতিষ্ঠাপক কেশৱ বলিৱাম হেড়গেৱাৰক স্মৰণ কৰে।

p1
মহানগৰীত আৰএছএছৰ ৯৭ সংখ্যক বৰ্ষপূতি উপলক্ষে 'শংখনিনাদ’ সম্পন্ন 5

তাৰ পিছতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম চৰকাৰৰ অবসৰপ্ৰাপ্ত প্রশাসনিক বিষয়া পৰমেশ দত্তই ভাষণ প্ৰদান কৰে।

ভাষণত তেওঁ কয় যে আৰএছএছে উঠি অহা নতুন প্রজন্মক মূল্যবোধৰ আৰু নৈতিক শিক্ষা প্ৰদান কৰি তেওঁলোকক একো একোজন সু নাগৰিক হিচাপে গঢ় দিবলৈ সক্ষম হৈছে। অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে সংঘৰ অখিল ভাৰতীয় শাৰীৰিক শিক্ষণ প্রমুখ সুনীল কুলকর্ণী।

প্রতিমা পূজনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত আৰম্ভণিতে আদ্য সৰসংঘ চালক প্রণাম, ধ্বজ উত্তোলন আদি কাৰ্যসূচী গ্ৰহণ কৰা হয়। ইয়াৰ পিছতে পার্থ ভট্টাচার্য্য, হর্ষিজিত কাফ্লে, অর্ণবজিৎ কাশ্যপে গীত পৰিৱেশন কৰি পৰিৱেশন জীপাল কৰি তোলে।

আৰএছএছৰ উত্তৰ পূব প্ৰান্তৰ প্ৰমুখ খগেন শইকীয়া, গুৱাহাটী মহানগৰৰ বৌদ্ধিক প্রমুখ অৰূপ বুজৰবৰুৱাকে ধৰি কেবাজনো কার্যকর্তাসহ প্রায় ১০০০ স্বয়ংসেৱক আৰু প্ৰায় ডেৰ সহস্ৰাধিক সাধাৰণ লোক অনুষ্ঠানত উপস্থিত থাকে।

লগতে চাওকঃ

চৰণেহে জানে… মাংগলিক অনুষ্ঠানত অংশ লৈ নামঘৰতে শেষ নিশ্বাস ত্যাগ নগেন হাজৰিকাৰ

G5
মহানগৰীত আৰএছএছৰ ৯৭ সংখ্যক বৰ্ষপূতি উপলক্ষে 'শংখনিনাদ’ সম্পন্ন 6

Leave a Comment