মলাশয়ত লুকুৱাই অনা ১৭ লাখ টকা মূল্যৰ সােণৰ বিস্কুট জব্দ গুৱাহাটী বিমানবন্দৰত

November 1, 2020 0 By NEWS DESK

নিউজ ডেস্ক। চােৰাং সােণ সৰবৰাহৰ কেন্দ্ৰস্থলৰ ৰূপত যেন পৰিণত হৈছে অসম।

বিশেষকৈ প্ৰতিবেশী দেশ ম্যানমাৰৰ পৰা বিভিন্ন পথেৰে অসমলৈ প্ৰৱেশ কৰিছে চােৰাং সােণ।

চাৰিচকীয়া বাহন, ৰে’ল নাইবা বিমানেৰে এই চােৰাং সােণ দেশৰ অন্যান্য ঠাইৰ লগতে বিদেশলৈও সৰবৰাহৰ বাবে সক্ৰিয় হৈ আছে এটা শক্তিশালী চক্ৰ।

পূৰ্বৰ দৰেই পুনৰ মলাশয়ত সােণ লুকুৱাই চােৰাংকৈ সৰবৰাহৰ চেষ্টা চলাওঁতে বৰঝাৰ বিমানবন্দৰত গ্ৰেপ্তাৰ হ’ল এজন বিমানযাত্ৰী।

জানিব পৰা মতে, ৰবিবাৰে পুৱা গুৱাহাটীৰ বিমানবন্দৰ পৰা পৰা SG 961নম্বৰ বিমানেৰে বাংগালুৰুলৈ যাত্ৰা কৰাৰ কথা আছিল তাইজুদ্দিন নামৰ যাত্ৰীজনৰ।

কিন্তু CISF ৰ নিয়মীয়া তালীচত গুহ্যদ্বাৰত কােনাে ধাতুৰ বস্তু থকাটাে নিশ্চিত হৈ পৰে।

তাৰ পাছত উৰ্ধতন বিষয়াই লােকজনক পৃথকে জেৰা কৰি ৰাসায়নিক প্ৰক্ৰিয়াৰে মলাশয়ৰ পৰা 165 গ্ৰাম আৰু 166 গ্ৰাম ওজনৰ সোণৰ দুটা বিস্কুট বাহিৰ কৰিবলৈ সক্ষম হয়।

জব্দ সােণখিনিৰ মূল্য প্ৰায় ১৭ লাখ টকা। পাছত এই লােকজনক সােণখিনিৰ সৈতে সংশ্লিষ্ট তদন্তকাৰী সংস্থাৰ হাতত অৰ্পণ কৰা হয়।