fbpx
ৰাষ্ট্ৰীয়অসমঅসমীয়া

মমতা বেনাৰ্জীৰ দললৈ প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা

নিউজ ডেস্ক। অৱশেষত অৱধাৰিতভাৱেই কংগ্ৰেছ দল ত্যাগ কৰি মমতা বেনাৰ্জী নেতৃত্বাধীন সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলত যােগদান কৰিলে ৰিপুণ বৰাই।

বিগত ৰাজ্যসভা নিৰ্বাচনত দলীয় নেতাৰ ষড়যন্ত্ৰৰ বলি হৈ পৰাজয়বৰণ কৰা ৰিপুণ বৰাই দলত্যাগ কৰিব বুলি চৰ্চিত হৈছিল।

p9 2

ইয়াকে লৈ ৰাজনৈতিক মহলত সৰৱ চৰ্চা অব্যাহত থকাৰ মাজতে দেওবাৰে কংগ্ৰেছ নেত্ৰী ছােনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ পৰা অব্যাহতি লয় ৰিপুণ বৰাই।

G01

ইয়াৰ পিছতে গুৱাহাটীৰ পৰা বিমানযােগে কলকাতাত উপস্থিত হৈ ৰিপুণ বৰাই সপৰিয়ালে সাক্ষাৎ কৰে তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীক।

p0

বেনাৰ্জীক ফুলাম গামােচােৰ সম্বৰ্ধনা জনােৱাৰ লগতে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছ দলত যােগদান কৰে বৰাই।

এই সাক্ষাতৰ সময়তে উপস্থিত আছিল ৰাজ্যসভাৰ সাংসদ তথ্য মহিলা কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভানেত্ৰী সুস্মিতা দেব, ৰাজ্যসভাৰ সাংসদ ডেৰিক অ’ ব্ৰায়নাে।

p01 2

উল্লেখ্য যে, কিছুুদিন পূৰ্বে ৰিপুণ বৰাই আম আদমী পাৰ্টীত যোগদান কৰাৰ যো-জা চলাইছিল বুলি দাবী কৰিছিল অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে। কিন্তু সেই সময়ত ৰিপুণ বৰাই নিজকে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মী বুলি দাবী কৰি কেতিয়াও কংগ্ৰেছ ত্যাগ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল।

কিন্তু নিজেই দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি এতিয়া নেতাজনে তৃণমূল কংগ্ৰেছত যোগদান কৰাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Back to top button