
ম’বাইলত লাইভ কৰি থাকোতে ঘটিল অঘটন! দুজনৰ সলিল সমাধি
February 22, 2021নিউজ ডেস্ক। বিভিন্ন সময়ত ম’বাইলত লাইভ কৰি বহু ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে নতুন ঠাই নাইবা নতুন অভিজ্ঞতাৰ কথা সামাজিক মাধ্যমত প্ৰকাশ কৰে। কিন্তু বহু সময়ত এনে কৰিবলৈ যাওঁতে সংঘটিত হয় অঘটন।

তেনে এক অঘটন সংঘটিত হ’ল উত্তৰ প্ৰদেশৰ বলিয়া জিলাত। সামাজিক মাধ্যমত লাইভ কৰি থাকােতে নাও ডুবি সলিল সমাধি ঘটিল দুজনৰ।
দেওবাৰে এউত্তৰ প্ৰদেশৰ বলিয়া জিলাৰ বাঞ্চডিহ এলেকাত সংঘটিত হ’ল তেনে এক মৰ্মান্তিক ঘটনা। ৬ জন যুৱকে এটা হ্ৰদত নাও চলাই সামাজিক মাধ্যমত লাইভ কৰি থাকোতে মৃত্যু হ’ল দুজনৰ।
জানিব পৰা মতে, নাওঁখন লুটি খাই যোৱাৰ ফলত পানীত পৰি যায় আটাইকেইজন। যুৱক কেইজনে নিজৰ আনন্দৰ মূহুৰ্ত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈ বিচাৰোতে ঘটে এই দুৰ্ঘটনাটো।
আৰক্ষীয়ে জনোৱা অনুসৰি, মাইৰিতাৰ গাৱঁৰ ৬ যুৱকে চুঢ়াটাল হ্ৰদত কৰি আছিল নৌ যাত্ৰা। আৰু এটা দ্বীপৰ ফালে গৈ আছিল তেওঁলোক। সেই সময়তে বন্ধু কেইজনে আৰম্ভ কৰিছিল ফেচবুক লাইভ। কিন্তু পূৰ্বতে নৌকা যাত্ৰাৰ অভিজ্ঞতা নথকা যুৱক কেইজনে নাঁৱৰ ওপৰত ধেমালি কৰাৰ বাবেই লুটি খাই পৰে নাওঁখন। যাৰ ফলত আটাইকেইজন যুৱক পৰি যায় পানীত।
নাৱৰীয়া জনে আটাইকেইজনক উঠাই আনে যদিও দুজনৰ অৱস্থা সংকটজনক হয়। দুয়োকে লগে লগেই জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
নিহত লােক দুজনৰ নাম দীপক কুমাৰ গুপ্ত (২১) আৰু অমিত কুমাৰ গুপ্ত (২৫) বুলি জানিব পৰা গৈছে। আনহাতে, অভিষেক কুমাৰ (২৪), অংকিত কুমাৰ গুপ্ত (২৩), ৰমেশ কুমাৰ (২৪) আৰু ভােলু (২২) নামৰ চাৰি যুৱকৰ কথমপি প্ৰাণৰক্ষা পৰে।
লগতে চাওকঃ