
এক শােকাৱহ পথ দুৰ্ঘটনা।
মন্দিৰত প্ৰাৰ্থনা জনাবলৈ যােৱাৰ পথতে সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰে ৫ জনকৈ লােকৰ মৃত্যু।
ইয়াৰে চাৰিজনেই পিতৃ-মাতৃ আৰু পুত্ৰ-বােৱাৰী বুলি জানিব পৰা গৈছে।

গুজৰাটৰ আহমেদাবাদত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা।
মন্দিৰত প্ৰাৰ্থনা জনাবলৈ যোৱাৰ পথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাত আন ১০ জন আহত হয়।
আহতসকলৰ মাজত ৪ শিশু বুলি জানিব পৰা গৈছে।
শনিবাৰে নিশা এই দুৰ্ঘটনা সংঘটিত হয় ঢোলকা-বাগোদাৰা ঘাইপথত।
#Ahmedabad
— Maulik Dhamecha (@maulikdhamecha) January 9, 2022
◆ધોળકા-બગોદરા રોડ પર કારનો અકસ્માત
◆અકસ્માતમાં 5 વ્યક્તિઓના મોત,ઇજાગ્રસ્તને સારવાર માટે હોસ્પિટલમાં ખસેડાયા
◆ ધોળકા ટાઉન પોલીસે શરૂ કરી તપાસ@Zee24Kalak @SPAmdRural #Zee24Kalak #news #Ahmedabad #Accident pic.twitter.com/mNIpIgXg9b
জানিব পৰা মতে, বড়োদৰাৰ যাত্ৰীসকলে মন্দিৰ দৰ্শনৰ বাবে বোটাদলৈ গৈ থকা সময়তে ৰাজ্যিক ঘাইপথত তেওঁলোকৰ মিনি ভেনখনে আন এখন অচিনাক্ত বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
এই ভয়ংকৰ দুৰ্ঘটনাত বাহনখনৰ চালকসহ ৫ জনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।
নিহত লােকসকলৰ নাম হৈছেঃ মহেন্দ্ৰ ঠাকুৰ, পত্নী চায়া ঠাকুৰ, মহেন্দ্ৰ ঠাকুৰৰ পিতৃ-মাতৃ ক্ৰমে বাহাদুৰ ঠাকুৰ, হানচাবেন ঠাকুৰ আৰু খুড়ী কাঞ্চন ঠাকুৰ।
আনহাতে, আহত ১০ যাত্ৰীক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়।
লগতে চাওকঃ
প্ৰচণ্ড তুষাৰপাতৰ মাজতে কান্ধত তুলি চিকিৎসালয়লৈ নি প্ৰসূতি-নৱজাতকৰ প্ৰাণৰক্ষা ভাৰতীয় সেনা জােৱানৰ
