fbpx
অসমঅসমীয়া

মন্দিৰত চুৰিকাণ্ডৰ সৈতে জড়িত মাতৃ-পুত্ৰসহ ৪ জন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। হোজাইৰ কৃষ্ণনগৰৰ কালী মন্দিৰত সংঘটিত চুৰিকাণ্ডত নতুন মােৰ।

এই ঘটনা সন্দৰ্ভত তদন্ত চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মাতৃ-পুত্ৰসহ ৪ চােৰক।

G5 8

এটা গোপন সুত্ৰৰ পৰা পোৱা তথ‍্যৰ পম খেদি হোজাই আৰক্ষীয়ে এই চোৰকেইটাক আটক কৰিবলৈ সক্ষম হয়।

আটক কৰা চোৰৰ দলটোৰ পৰা মন্দিৰৰ পৰা চুৰি কৰি নিয়া লক্ষ্যাধিক মূল‍্যৰ সা-সামগ্ৰী তথা সোণ- ৰূপৰ বাচন বৰ্তন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বুধবাৰে আৰক্ষীয়ে গোপন সুত্ৰৰ ভিত্তিত মুল অভিযুক্ত ৰাজু দাসক গ্ৰেপ্তাৰ কৰে।

তাৰ পিছতে ৰাজুৰ পৰা পোৱা তথ‍্যৰ ভিত্তিত আন কেইজন অভিযুক্ত ক্ৰমে মাতৃ বিভা দাস, বাপ্তু চৰকাৰ আৰু জেৰিফ খানক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা ৩ এপ্ৰিলৰ নিশা কৃষ্ণনগৰৰ দুটাকৈ কালীমন্দিৰৰ পৰা চুৰি হৈছিল কেইবালক্ষ‍্যাধিক টকাৰ সা-সামগ্ৰী।

তেতিয়াৰে পৰা আৰক্ষীয়ে এই সম্পৰ্কে অনুসন্ধান চলাই আছিল।

আৰক্ষীয়ে আটকাধীন লোক কেইজনৰ বিৰুদ্ধে এটা গোচৰ ৰজু কৰি আদালতলৈ প্ৰেৰণ কৰিছে।

লগতে চাওকঃ

৯৮ বছৰীয়া স্বামীৰ বিয়োগত ম্ৰিয়মান পত্নীয়েও ক্ষন্তেক পিছতে কৰিলে দেহত্যাগ…

G1 14

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!