মন্ত্ৰী-সাংসদ হ’ব এংকৰ, সেনা প্ৰধানে ক’ব দেশৰ সীমান্তৰ শেহতীয়া কথা! নতুন চৰকাৰী টিভি চেনেল

May 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। দেশৰ দূৰদৰ্শন জগতত সংযোজিত হবলৈ গৈ আছে এক ঐতিহাসিক অনুষ্ঠান। ৰাজ্যসভা টিভি আৰু লােকসভা টিভিৰ সংযােজন ঘটাই আৰম্ভ হ’ব সংসদ টিভি।

সংসদ টিভিয়ে এনে এক পৰিকল্পনা যুগুত কৰিছে যত দৰ্শক আৰু বাতৰিৰ মাজৰ প্ৰাচীৰ সম্পূৰ্ণ ৰূপে বিলুপ্তি ঘটিব। যাৰ দ্বাৰা দেশৰ সাধাৰণ নাগৰিকে এতিয়াৰে পৰা চৰকাৰৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত থাকিবলৈ সক্ষম হ’ব।

সেয়েহে এতিয়াৰে পৰা যদি দেশৰ জনসাধাৰণে বৈদেশিক পৰিক্ৰমা সন্দৰ্ভত কিবা তথ্য জানিব বিচাৰে, তেন্তে সেইয়া ক’ব দেশৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে। তেওঁতকৈ আৰু কোনে ভালকৈ ক’ব পাৰিব দেশৰ কূটনৈতিক কথা।

গতিকে সংসদ টিভিত সেই অনুষ্ঠানৰ সাক্ষাতৰ এংকৰ তথা আঁত-ধৰোতা হ’ব বিদেশ মন্ত্ৰী এছ জয়শংকৰ। তেওঁ চৰকাৰৰ কূটনৈতিক ব্যৱস্থাসমূহ উপস্থাপন কৰিব সেই অনুষ্ঠানৰ মাধ্যমেৰে। যিটো অনুষ্ঠানৰ নাম ৰখা হৈছে ‘Diplomatic Dispatch’।

এনেদৰে প্ৰায় ৫০ টা অনুষ্ঠানৰ যুগুত কৰিছে সংসদ টিভিয়ে। দেশৰ আভ্যন্তৰীণ পৰিক্ৰমা সন্দৰ্ভতো জনসাধাৰণক তথ্য যোগান ধৰা হব এই অনুষ্ঠানৰ দ্বাৰা। এই অনুষ্ঠান সমূহত দিয়া বাখ্যাৰ সিদ্ধান্ত বা বিধিসমূহ লবলৈ কাষতে বহি থাকিব বিশেষ ব্যক্তিসকল। আৰু তেওঁলোকে সিদ্ধান্ত সমূহ তেতিয়াই জনাই দিব জনসাধাৰণক। অৰ্থাৎ জনসাধাৰনে চৰকাৰে গ্ৰহণ কৰা প্ৰত্যেকটো সিদ্ধান্তই লগে লগে জানিব পৰিব সেই অনুষ্ঠানৰ দ্বাৰা।

আনহাতে দেশৰ সুৰক্ষা তথা সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত তথ্য দিব সেনা প্ৰধান বিপিন ৰাৱাতে। কৌশলী বিশেষজ্ঞ সকলৰ সৈতে তেওঁ কৰিব আলাপ-আলোচনা। আৰু সেই আলোচনাৰ দ্বাৰা তেওঁ কব দেশৰ প্ৰতিৰক্ষা আৰু সশস্ত্ৰ বাহিনীৰ কথা।

সেনা প্ৰধান ৰাৱাতৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিব ৰাজ্যসভাৰ সাংসদ তথা প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংসদীয় সমিতিৰ সদস্য ৰাজীৱ চন্দ্ৰশেখৰে। উল্লেখ্য যে সাংসদ ৰাজীৱ চন্দ্ৰশেখৰক প্ৰতিৰক্ষা বিশেষজ্ঞ হিচাপেও জনা যায়। সেই অনুষ্ঠানৰ নাম দিয়া হৈছে ‘The Defender’।

ইয়াৰোপৰি দেশৰ অৰ্থনীতিৰ তথ্য জনসাধাৰণক যোগান ধৰিব দেশৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সন্যালে। সেই অনুষ্ঠানৰ নাম হব- ‘Economics Decoded: Center and States’। যত দেশৰ অৰ্থনীতিৰ সকলো তথ্য জনোৱা হব জনসাধাৰণক।

আনহাতে নীতি আয়োগৰ প্ৰধান অমিতাভ কান্টে ‘Transforming India’ শীৰ্ষক অনুষ্ঠানৰ পৰিকল্পনা যুগুত কৰিছে। যুৱ সাংসদ তেজস্বী সূৰ্য্যই ‘Change Makers’ শীৰ্ষক অনুষ্ঠানৰ আঁত ধৰিব। আনহাতে আন কিছু অনুষ্ঠানত এংকৰৰ ভূমিকাত থাকিব বিজেপি সাংসদ ৰাজ্যবৰ্ধন সিং ৰাথুৰ আৰু বৰুণ গান্ধী।

অৱশ্যে সংসদ টিভিৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি এই অনুষ্ঠানৰ বৰ্তমান পৰিকল্পনাহে লোৱা হৈছে। ই এতিয়াও চূড়ান্ত হোৱা নাই। ইয়াক কাৰ্যকৰী কৰিবলৈ লাগিব কমেও দুমাহ সময় লাগিব।