মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্দেশত জলসম্পদ বিভাগৰ অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন…

জলসম্পদ বিভাগৰ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন।

মন্ত্ৰী পীযূষ হাজৰিকাৰ নিৰ্দেশত জলসম্পদ বিভাগৰ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন।

ডিমৌৰ জলসম্পদ বিভাগৰ ডিমৌ উপ-সংমণ্ডলৰ অভিযন্তাসহ ৬ বিষয়া-কৰ্মচাৰীক নিলম্বন।

নিলম্বিত কৰা হৈছে সহকাৰী কাৰ্যবাহী অভিযন্তা দিনেশ বুঢ়াগোহাইক।

শিৱসাগৰ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা তৰুণ সোণোৱালকো নিলম্বন কৰা হৈছে চাকৰিৰ পৰা।

লগতে শাখা সহায়ক ধ্ৰুৱজ্যোতি চেতিয়া, খালাচী অতুল গগৈ আৰু মানিক কোঁৱৰক নিলম্বন।

ডিমৌৰ লাইবিলত মাথাউৰি মেৰামতি কৰাৰ কামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ বিষয়া-কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে।

বালিৰ বেগৰ ভিতৰত খালী বেগ ভৰোৱাৰ অভিযোগ ৬ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে।

লগতে বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে আছে কামত গাফিলতি, অৱহেলাৰ অভিযোগ।