অসমীয়াঅসম

মন্ত্ৰী-আমোলাৰ ল’ৰা-ছোৱালীয়ে যি সা-সুবিধাৰে পঢ়ে, সেই একেই সা-সুবিধা দুখীয়া ল’ৰা-ছোৱালীক দিয়াৰো ব্যৱস্থা কৰকঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

নিউজ ডেস্কঃ মূল বিষয়ৰ পৰা ফালৰি কাটিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা! ৰাজ্যত চলি থকা বিদ্যালয়ৰ মাধ্যম বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পিছতে এইবাৰ উভতি ধৰিলে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

আছু নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীক উভতি ধৰি কয়, ‘মন্ত্ৰী-আমোলাৰ ল’ৰা-ছোৱালীক যি সা-সুবিধা দি, যি পৰিৱেশত পঢ়ুৱাইছে, সেই একেখিনি সা-সুবিধা দুখীয়া ঘৰৰ ল’ৰা-ছোৱালীকো প্ৰদানৰ ব্যৱস্থা কৰক।’

ছাত্ৰ-ছাত্ৰীৰ ওপৰত ইংৰাজী মাধ্যম জাপি দিয়াতকৈ অসমীয়া আৰু অন্য জনগোষ্ঠীৰ ভাষাৰ মাধ্যমৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনিহে উন্নত মানৰ কৰি তোলাৰ প্ৰয়োজন বুলি মন্তব্য কৰে ভট্টাচাৰ্যই।

photo1660997501

অসমীয়া মাধ্যমৰ বিদ্যায়লত ইংৰাজী মাধ্যম ব্যৱহাৰ কৰাটো এক অবিজ্ঞানসন্মত সিদ্ধান্ত বুলি পুনৰ এবাৰ দোহাৰি আছুৰ উপদেষ্টাগৰাকীয়ে কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূত শিক্ষাৰ মানদণ্ড উন্নত মানৰ কৰি তোলাতহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্ব প্ৰদান কৰা উচিত।

আজিও অভিভাৱক সকলৰ অসমীয়া মাধ্যমৰ প্ৰতি আগ্ৰহ আছে, কিন্তু চৰকাৰী বিদ্যালয়ৰ প্ৰতিহে তেওঁৰ বিৰাগ জন্মে পতিয়ন নিয়াই আছুৰ নেতাগৰাকীয়ে কয় যে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা উচিত। তেতিয়া অভিভাৱকসকলে নিজেই ল’ৰা-ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাব।

সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ‘মূল বিষয়ৰ পৰা আঁতৰি আহিব নালাগে। বৰঞ্চ মূল বিষয়ৰ সমস্যা সমাধানত আত্মনিয়োগ কৰিব লাগে। এইখন অসমত যদি অসমীয়া বা অন্য জনগোষ্ঠীয় ভাষাৰ মাধ্যমৰ উন্নয়ন নহয়, তেন্তে ক’ত হব বুলিও প্ৰ্শ্ন কৰে আছুৰ নেতাগৰাকীয়ে।

অসমত অসমীয়া ভাষা-মাধ্যমৰ বাবে আন্দোলন কৰি অনেকে নিজৰ জীৱন বলিদান দিবলগীয়া হৈছিল বুলি মন্তব্য কৰি আছু নেতাগৰাকীয়ে কয় যে এনে এটি ভাষাক জীয়াই ৰখাটো সকলোৰে দায়িত্ব। মাতৃভাষা মাধ্যম ঠিকে ৰাখি বিদ্যালয়ত ইংৰাজী ভাষা ভালকৈ পঢ়ুৱাবহে লাগে বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই।

আনহাতে ৰাজ্যৰ প্ৰতিটো সমষ্টিত একোখনকৈ আদৰ্শ বিদ্যালয় ইংৰাজী মাধ্যমলৈ পৰিবৰ্তন কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰো বিৰোধিতা কৰে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

Related Articles

Back to top button