অসম

মন্ত্ৰীৰ পিছত এইবাৰ জিলা উপায়ুক্তৰ নামত WhatsApp একাউণ্ট খুলি ধনদাবী দুষ্টচক্ৰৰ…

মন্ত্ৰীৰ পিছত এইবাৰ জিলা উপায়ুক্তৰ নামত WhatsApp একাউণ্ট খুলি ধনদাবী দুষ্টচক্ৰৰ।

মন্ত্ৰী বিমল বৰাৰ পিছত মহানগৰ জিলা উপায়ুক্তৰ নামত ভূৱা whatsapp একাউণ্ট খুলি ধন দাবী দুষ্টচক্ৰৰ।

উপায়ুক্ত পল্লৱ গোপাল ঝাৰ নামত বিভিন্ন লোকৰ পৰা ধন সৰকাইছে জাল পেলাইছে দুষ্ট চক্ৰটোৱে।

এটা নহয় দুটা নহয় মুঠ তিনিটাকৈ নম্বৰৰ পৰা ধন সংগ্ৰহ প্ৰৱঞ্চকৰ।

এই তিনিটা নম্বৰ হৈছে ৮৭৬১০ ৩৭৯৩৬, ৯৬৫৩৬ ৪৫৫২২ আৰু৯৩২৮৭ ৮০২২৭।

এই তিনিওটা নম্বৰ ব্যৱহাৰ কৰি বহু কেইজন ব্যক্তিক ধন বিচাৰিছিল প্ৰৱঞ্চকে।

যাৰ বাবে উপায়ুক্তগৰাকীয়ে সকলোকে সাৱধানবাণীও দিছে এনে প্ৰৱঞ্চকৰ জালত নপৰিবৰ বাবে।

আনকি উপায়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীলৈও গৈছে ধন বিচাৰি মেছেজ।

এই সন্দৰ্ভত তদন্ত কৰিবলৈ ক্ৰাইম ব্ৰাঞ্চত গোচৰ দিছে উপায়ুক্তই।

উল্লেখ্য যে, শেহতীয়াভাৱে মন্ত্ৰী বিমল বৰাৰ নামটো হোৱাটচএপ একাউণ্টা খুলি প্ৰৱঞ্চনাৰ জাল পেলাইছিল দুষ্টচক্ৰই।

Related Articles

Back to top button