মন্ত্ৰীয়ে নিজেই পৰিষ্কাৰ কৰিলে চিকিৎসালয়ৰ মজিয়া! সামাজিক মাধ্যমত ভূঁয়সী প্ৰশংসা

May 15, 2021 0 By NEWS DESK

নিউজ ডেস্ক। সাধাৰণতে এজন মন্ত্ৰী বুলি কলে আপুনি মই দেখা দৃশ্যটো হ’ল দামী গাড়ীত ভ্ৰমণ, বিলাসপূৰ্ণ জীৱন ইত্যাদি। কিন্তু এইবাৰ এজন মন্ত্ৰীৰ এক দৃশ্যই দাঙি ধৰিছে এক নিদৰ্শন।

ক’ভিড আক্ৰান্ত মন্ত্ৰীজনে ভি আই পি সংস্কৃতি পৰিহাৰ কৰি নিজেই মচিলে চিকিৎসালয়ৰ মজিয়া।

শুকুৰবাৰে দেখা পোৱা গ’ল সেই দৃশ্য। এই মন্ত্ৰীজন হ’ল মিজোৰাম চৰকাৰৰ শক্তি তথা সংস্কৃতি, ভূমি ও জল সংৰক্ষণকে আদি কৰি কেইবাটাও দপ্তৰৰ মন্ত্ৰী আৰ লালজিৰলিয়ানা।

মন্ত্ৰীজনে এই সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষক দোষাৰোপ নকৰা বুলি জানিবলৈ দিয়ে। তাৰ পৰিৱৰ্তে ৭১ বছৰীয়া মন্ত্ৰী জনে কয়- “মোৰ কামৰ দ্বাৰা মই চিকিৎসক বা নাৰ্ছক দোষ দিব বিচৰা নাই। তাৰ পৰিৱৰ্তে ইয়াৰ দ্বাৰা মই সকলোকে বুজাই দিছো আৰু এক উদাহৰণ দাঙি ধৰিব বিছাৰিছো। ঘৰ হৰা বা মচাটো মোৰ বাবে কোনো নতুন কাম নহয়। মই ঘৰত বা প্ৰয়োজন অনুসাৰে আন ঠাইতো এই কাম কৰো।” তেওঁ লগতে মন্ত্ৰী হলেও আনতকৈ তেওঁ পৃথক নহয় বুলি উল্লেখ কৰে।

তেওঁ চিকিৎসালয়ত মজিয়া মচিব লগা সন্দৰ্ভত কয় যে, তেওঁ চুইপাৰজনক কোঠাটো চাফা কৰিবলৈ মাতিছিল। কিন্তু চুইপাৰজন নাহিলে। আনকি সহাঁৰিয়ো নজনালে। সেয়েহে তেওঁ সেই কাম নিজেই কৰে।

উল্লেখ্য যে, মন্ত্ৰীজনে দিল্লীৰ মিজোৰাম ভৱনতো পূৰ্বতে ঘৰ মচা দৃশ্য দেখা পোৱা গৈছিল।

জানিব পৰা মতে কভিড আক্ৰান্ত হৈ মন্ত্ৰীজনে তেওঁৰ পত্নী আৰু পুত্ৰৰ সৈতে যোৱা ১১ মে’ৰ পৰা ভৰ্তি হৈ আছে জোৰাম চিকিৎসা মহাবিদ্যালয়ত। প্ৰথমতে ৮ মে’ত পুত্ৰৰ দেহত কভিড পজিতিভ ধৰা পৰিছিল যদিও পৰৱৰ্তী সময়ত আটাইকেইজনৰ দেহত ধৰা পৰে কভিড পজিতিভ। ১২ তাৰিখত মন্ত্ৰীজনৰ দেহত অক্সিজেন কমি যোৱাত তেওঁক ভৰ্তি কৰোৱা হৈছিল আই চি ইউত। অৱশ্যে বৰ্তমান আটাইকেইজনৰ অৱস্থা সুস্থ আৰু সংকট মুক্ত।

প্ৰণিধানযোগ্য যে মিজোৰামৰ সকলো মন্ত্ৰীয়েই ভি আই পি সংস্কৃতিৰ পৰিৱৰ্তে সাধাৰণ নাগৰিকৰ দৰে জীৱন যাপন কৰে। ৰাজহুৱা গাড়ীত যোৱা, মটৰ চাইকেলত যোৱা, নিজেই খ্ৰীষ্ট মাছ, নতুন বছৰ আদি উৎসৱ পাৰ্বনৰ খাদ্য ৰন্ধা আদি কাম কৰে।