অসমঅসমীয়া

মনজিৎ মহন্তক অভদ্ৰ, অসভ্য, মানসিকভাৱে বিকাৰগ্ৰস্ত আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ, কিন্তু কিয়?

নিউজ ডেস্ক। কংগ্ৰেছ নেতা মনজিৎ মহন্তক বৰ্বৰ, অসভ্য, মানসিকভাৱে বিকাৰগ্ৰস্ত আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ।

মনজিৎ মহন্তই শুকুৰবাৰে পুৱা কৰা এক মন্তব্যৰ বাবে বহুবল্কী মন্ত্ৰীজনে তেওঁ আখ্যা দিয়ে মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি।

উল্লেখ্য যে, বৃহস্পতিবাৰে ৰাজ্যত দুখন আসনৰ বাবে সম্পন্ন হৈ যায় ৰাজ্যসভাৰ নিৰ্বাচন। দুয়োখন আসনতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হয়। সংখ্যা গৰিষ্ঠতা নথকা স্বত্বেও বিজেপিৰ এই সহজ জয়ক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

G1

ইফালে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত বুজাবুজি হৈছিল যদিও সেয়া দীৰ্ঘ সময় নাথাকিল। লক্ষণীয়ভাৱে ফলাফল ঘোষণাৰ পূৰ্বে বিজেপিয়ে দাবী কৰাৰ দৰেই ফলাফলত ৭ ভোটৰ ইফাল-সিফাল ধৰা পৰে। যাৰ বাবে কংগ্ৰেছে এআইইউডিএফৰ বিধায়কৰ ওপৰত সন্দেহৰ আঙুলি টোঁৱায়।

কংগ্ৰেছে অভিযোগ কৰা মতে, নিৰ্বাচনত বিজেপিয়ে গণতন্ত্ৰক ধ্বংস কৰি এআইইউডিফৰ ভোটেৰে জয়ী হৈছে। অৱশ্যে কংগ্ৰেছৰ এই অভিযোগ নসাৎ কৰে বিজেপি আৰু এআইইউডিএফে।

ইফালে শুকুৰবাৰে পুৱা মনজিৎ মহন্তই দাবী কৰে যে পুৱা এআইইউডিএফৰ ৫ গৰাকী বিধায়ক মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

কংগ্ৰেছৰ এই দাবীৰ পিছতে মন্ত্ৰী পীযুষ হাজৰিকাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে এয়া সম্পূৰ্ণ মিছা কথা। কংগ্ৰেছে এই দাবীৰে জনতাক ‘এপ্ৰিল ফুল’ কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। আনহাতে কংগ্ৰেছৰ হৈ এই দাবী কৰা মনজিৎ মহন্তক অসভ্য, বৰ্বৰ, অভদ্ৰ আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত বুলিও অভিহিত কৰে বহুবল্কী মন্ত্ৰীজনে। তদুপৰি এপিচিচিৰ সভাপতি ভূপেন বৰাকো তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি মন্তব্য কৰে।

মনজিৎ মহন্ত আৰু ভূপেন বৰাৰ বিৰুদ্ধে প্ৰয়োজনত ন্যায়ালয়ৰ দাৰস্থ হৈ মানহানীৰ গোচৰ তৰাৰো হুংকাৰ দিয়ে পীযুষ হাজৰিকাই।

আনহাতে মন্ত্ৰী হৈ এনেদৰে আন এজন ৰাজনীতিকৰ বিৰুদ্ধে অশ্লীল আৰু অবাইচ মাত মতা পীযুষ হাজৰিকাৰ মন্তব্যক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। মুখ্যমন্ত্ৰীৰ সোঁৱে বাঁওৱে ঘূৰি, মুখ্যমন্ত্ৰীৰ আশীষ ধন্য হৈ ক্ষমতাৰ ৰাগীত অন্ধ হোৱা মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছেও।

Related Articles

Leave a Reply

Back to top button