মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মন নিলম্বন…

মধ্যাহ্ন ভোজনৰ ধন আত্মসাৎ কৰাৰ অভিযোগত এইবাৰ নিলম্বন হ’ল এগৰাকী প্ৰধান শিক্ষক।

বকো হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক নিলম্বন।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজনৰ ৫ লাখ ৭০ হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে।

পৰিচালনা সমিতিৰ অজ্ঞাতে প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনে উলিয়াইছিল এই বৃহৎ পৰিমানৰ ধনৰাশি।

বিদ্যালয়ৰ PNB বেংকত থকা একাউণ্টৰ পৰা উলিয়াই আনিছিল ধনৰাশি।

এই অভিযোগ উত্থাপন হোৱৰ পিছতে তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ আই এছ এ ঠাকুৰীয়াই নিলম্বন কৰে প্ৰধান শিক্ষক প্ৰদীপ বৰ্মনক।

উল্লেখ্য যে, বিদ্যালয়ৰ ধন আত্মসাৎ প্ৰসংগক লৈ প্ৰাক্তন ছাত্ৰই এজাহাৰ দাখিল কৰিছিল বকো আৰক্ষী থানাত। দক্ষিণ পশ্চিম ছাত্ৰ সন্থাইয়ো বকোৰ চক্ৰ বিষয়াৰ জৰিয়তে উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।

আনহাতে ৪৮ বেগ মধ্যাহ্ন ভোজনৰ চাউল বিতৰ্কতো জড়িত প্ৰধান শিক্ষক প্ৰদীপ বৰ্মন।