মধ্যাহ্ন-ভোজনৰ খাদ্য খাই অসুস্থ ৯ গৰাকী শিক্ষাৰ্থী, চিকিৎসালয়ত ভৰ্তি…

মধ্যাহ্ন-ভোজনৰ খাদ্য খাই অসুস্থ ৯ গৰাকী শিক্ষাৰ্থী।
গোলাঘাট নগৰৰ সমীপৱৰ্তী ২ নং বেঙেনাখোৱা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।
মধ্যাহ্ন ভোজনৰ খাদ্য গ্ৰহণ কৰাৰ পাছতে ৯ গৰাকী কৈ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত চাৰিওফালে হুৱা দুৱাৰ লাগে।
ঘটনাৰ বিৱৰণী অনুসৰি ২ নং বেঙেনাখোৱা প্ৰাথমিক বিদ্যালয়ত আজি মধ্যাহ্ণ ভোজনৰ পাছতে অসুস্থ হৈ পৰা ৯ গৰাকী ছাত্ৰ-ছাত্ৰীক ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে খাদ্য খোৱাৰ পাছতে পেটৰ বিষ আৰু বমিত আক্ৰান্ত হয় কণ কণ ছাত্র-ছাত্ৰী সকল।
আক্ৰান্ত ছাত্র-ছাত্ৰীসকল মূলতঃ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত।
বিষক্ৰিয়াৰ পাছতেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছাত্র-ছাত্ৰীসকলক।
উল্লেখ্য যে, গোলাঘাটৰ একাংশ বিদ্যালয়লৈ চৰকাৰে যোগান ধৰা চাউল, ডাইল আৰু বাচন-বৰ্তন ভালদৰে ধুই মেলি পৰিস্কাৰ নকৰাকৈয়ে ৰন্ধাৰ অভিযোগ মাজে মাজে উত্থাপিত হৈ আহিছে যদিও চৰকাৰৰ তৰফৰ পৰা কোনো সজাগতামূলক ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা দেখা নগ’ল।