মদ খাবলৈ ১ ঘণ্টাতকৈও অধিক সময় যাত্ৰীবাহী ৰে’ল ৰখাই থলে চালকে, লাগিল হাহাকাৰ…

নিউজ ডেস্ক। ৰে’ল লাইনত ৰে’ল ৰখাই চালকে চাহ-কছুৰী খোৱা অদ্ভূত ঘটনাৰ বিষয়ে হয়তো আপুনি শুনিছে। কিন্তু এইবাৰ তাতকৈও বিষম ঘটনা সংঘটিত কৰিলে এগৰাকী সহকাৰী ৰে’ল চালকে।

সুৰাপান কৰিবলৈকে ৰে’ল ষ্টেছনত এঘণ্টাতকৈও অধিক সময় যাত্ৰাবাহী ৰে’ল ৰখাই থলে এগৰাকী চালকে।

এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰ ৰে’ল বিভাগৰ অন্তৰ্গত হাছানপুৰ ৰে’ল ষ্টেছনত।

vlcsnap 2022 05 04 13h17m53s177
মদ খাবলৈ ১ ঘণ্টাতকৈও অধিক সময় যাত্ৰীবাহী ৰে’ল ৰখাই থলে চালকে, লাগিল হাহাকাৰ... 2

জানিব পৰা মতে, ৰে’ল ষ্টেছনটোত ৰাজধানী এক্সপ্ৰেছ ৰে’লখন মুকলি কৰিবলৈ ষ্টেছন কৰ্তৃপক্ষই ৰখাই থৈছিল সমস্তিপুৰৰ পৰা সহৰচালৈ যাবলগীয়া যাত্ৰীবাহী ৰে’লখন।

ৰাজধানী এক্সপ্ৰেছ পাৰ হোৱাৰ পিছতে ষ্টেছন কৰ্তৃপক্ষই স্থানীয় ৰে’লখন যাবলৈ সংকেত দিয়ে। কিন্তু তাৰ পিছতো ৰে’লখন ষ্টেছনতে ৰৈ থকাত যাত্ৰী আৰু ষ্টেছন কৰ্তৃপক্ষৰ মাজত কৌতুহল বৃদ্ধি পায়।

সেউজ সংকেত লাভ কৰাৰ পিছতো প্ৰায় এঘণ্টাৰো অধিক সময় ৰে’লখন ষ্টেছনতে ৰৈ থকাত ঘটনানো কি সেয়া পৰীক্ষা কৰিবলৈ ৰে’লৰ ইঞ্জিনত উপস্থিত হয় ষ্টেছন অধীক্ষক। কিন্তু সেই সময়ত ৰে’লৰ চালকৰ আসনত চালকক নেদেখি হাহাকাৰ লাগে ষ্টেছন কৰ্তৃপক্ষ আৰু জিআৰপি সকলৰ।

লগে লগে সহকাৰী চালকজনৰ সন্ধানত জিআৰপি নামি পৰাত অৱশেষত ষ্টেছনৰ সমীপৰ এখন বজাৰত সুৰাপান কৰি থকা অৱস্থাত চালকজন উদ্ধাৰ হয়।

বাতৰি অনুসৰি, সেই সময়ত ৰে’ল চালকজন ইমানেই সুৰামত্ত হৈ আছিল যে তেওঁ থিয় হৈ থকাৰ শক্তিকণো হেৰুৱাই পেলাইছিল।

ঘটনাৰ পিছতে জিআৰপিয়ে সুৰামত্ত সহকাৰী চালক কৰণবীৰ যাদৱক গ্ৰেপ্তাৰ কৰিছে। ৰে’ল কৰ্তৃপক্ষইও ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিছে।

Leave a Comment