মণিপুৰ ভূমিস্খলন! অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ উদ্ধাৰ, শোকত ভাগি পৰিছে ৭ মহীয়া গৰ্ভৱতী পত্নী

অৱশেষত উদ্বাৰ হ’ল অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ।

২৯ জুনত মনিপুৰৰ ননে জিলাৰ টুপুলত হোৱা ভয়ংকৰ ভুমিস্খলনৰ পিছৰে পৰা নিখোজ হৈ আছিল কমলেশে।

অৱশেষত নিখোজৰ এঘাৰ দিনৰ অন্তত শনিবাৰে আবেলি উদ্ধাৰ হয় কমলেশৰ মৃতদেহ। ইতিমধ্যে মৃতদেহটো চিনাক্ত কৰে আত্মীযই।

জিৰিবাম ইম্ফল নিউ ৰেল লাইন নিৰ্মানৰ কামত ভাৰতীয় ৰেল বিভাগত অভিযন্তা হিচাপে নিয়োজিত হৈ আছিল কমলেশ।

উল্লেখ্য যে ২১ জুনত ঘৰৰ পৰা কৰ্মস্থলী মনিপুৰ লৈ গৈছিল কমলেশ।

মৃতদেহ উদ্ধাৰৰ পিছত মাতৃ আৰু সাত মহীয়া গৰ্ভৱতী পত্নী শোকত ভাঙি পৰিছে। গৰ্ভৱতী পত্নীৰ ৰাউচিজোৰা কান্দোনে কঁপাই তুলিছে আকাশ বতাহ।

কাইলৈ পূৱা ধুবুৰীৰ বাসগৃহত কমলেশৰ মৃতদেহ আহি পোৱাৰ সম্ভাৱনা আছে।