মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান সম্পন্ন, ৭৮.০৩ শতাংশই কৰিলে ভোটদান…

মণিপুৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান সম্পন্ন।

প্ৰথম পৰ্যায়ৰ ভোটদানত অভিলেখ সংখ্যক ভোটাৰে সাব্যস্ত কৰে ভোটদান।

প্ৰথম পৰ্যায়ত সন্ধিয়া ৫ বজালৈ ৭৮.০৩ শতাংশই সাব্যস্ত কৰে ভোটদান।

টুইট কৰি সদৰি কৰা অনুসৰি সন্ধিয়া ৫ বজালৈ ৭৮.০৩ শতাংশই দিলে ভোট।

ইয়াৰে সৰ্বাধিক কাংপোকপিত ভোটদান হয়।

কাংপোকপিত মুঠ ৮২.৯৭ শতাংশ লোকে ভোটদান কৰে।

তাৰ সমান্তৰালকৈ পশ্চিম ইম্ফলত ৮২.১৯ শতাংশ, পূৱ ইম্ফলত ৭৬.৬৪ শতাংশ , চুৰাচান্দপুৰত ৭৪.৪৫ শতাংশ আৰু বিষ্ণুপুৰত ৭৩.৪৪ শতাংশ ভোটদান সম্পন্ন হয়।

ৰাজ্যখনৰ মুঠ ৬০খন বিধানসভা আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ৩৮খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়।

এই প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ১৭৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে।

Leave a Comment