মণিপুৰ

মণিপুৰ বিধানসভা নিৰ্বাচনঃ বিজেপিয়ে ঘোষণা কৰিলে ৬০টা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা

মণিপুৰৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দেওবাৰে নিজৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে।

আগন্তুক মণিপুৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৰাজ্যখনৰ আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে।

ৰাজ্যখনৰ ৬০ টা বিধানসভা সমষ্টিৰ ভিতৰত মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে হেইনগাং বিধানসভা সমষ্টিৰ পৰা আগবঢ়াব প্ৰতিদ্বন্দ্বিতা।

ইতিমধ্যে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ আৰু আন পাঁচটা ৰাজনৈতিক দলে নিৰ্বাচনী মিত্ৰতা ঘোষণা কৰিছে।

নিৰ্বাচনৰ পূৰ্বে মিত্ৰতা কৰা ৰাজনৈতিক দলকেইটা হ’ল চিপিআই, চিপিআই (এম),  Revolutionary Socialist Party, জনতা দল (এছ) আৰু ফৰৱাৰ্ড ব্লক।

ইফালে, বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে দাবী কৰা অনুসৰি মণিপুৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বিজেপিয়ে মণিপুৰত দুই-তৃতীয়াংশতকৈ অধিক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব।

উল্লেখ্য যে, ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব আৰু ফলাফলসমূহ ১০ মাৰ্চত ঘোষণা কৰা হ’ব।

Related Articles

Leave a Reply

Back to top button